মানসত নতুন ফুলৰ প্ৰজাতি ‘Osbeckia assamensis’ আৱিষ্কাৰ
-
মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন উদ্ভিদ প্ৰজাতি চিনাক্ত।
-
প্ৰজাতিটোৰ নাম Osbeckia assamensis।
-
২০২১–২০২৫ চনৰ গৱেষণাৰ ফলত আৱিষ্কাৰ।
-
অসমৰ উদ্ভিদ বৈচিত্ৰ্য আৰু সংৰক্ষণৰ ক্ষেত্ৰত নতুন সংযোজন।
সমগ্ৰ সমাচাৰ সেৱা
অসম,২৬ অক্টোবৰ: অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য সংযোজন হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ ফুলৰ উদ্ভিদ ‘Osbeckia assamensis’ চিনাক্ত কৰা হৈছে। গৱেষক বৰ্ণালী দাস আৰু অধ্যাপক নমিতা নাথে এই নতুন প্ৰজাতিটো চিনাক্ত কৰিছে। এই আৱিষ্কাৰে অসমৰ উদ্ভিদ জগতৰ বৈচিত্ৰ্য আৰু মানসৰ প্ৰাকৃতিক পৰিৱেশৰ গুৰুত্ব পুনৰ উজলাই তুলিছে।
২০২১ৰ পৰা ২০২৫ চনলৈ চলিছিল গৱেষণা
গৱেষকসকলে ২০২১ৰ পৰা ২০২৫ চনলৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত ক্ষেত্ৰভিত্তিক সমীক্ষা চলাই এই উদ্ভিদবিধৰ সন্ধান লাভ কৰে। উদ্ভিদবিধৰ বৈজ্ঞানিক বিৱৰণ ২০২৬ চনৰ ২২ অক্টোবৰত ‘Phytotaxa’ নামৰ উদ্ভিদবিজ্ঞান বিষয়ক গৱেষণা আলোচনীত প্ৰকাশিত হয়।
‘Melastomataceae’ পৰিয়ালৰ অন্তৰ্গত এই বহুবৰ্ষজীৱী জোপোহা উদ্ভিদবিধৰ উচ্চতা প্ৰায় ২ৰ পৰা ২.৫ মিটাৰ। ইয়াত গোলাপী ৰঙৰ ফুল ফুলে আৰু প্ৰতিটো ফুলৰ থোপাত প্ৰায় ৩০ৰ পৰা ৩৫টা ফুল থাকে। সাধাৰণতে ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ ইয়াৰ ফুল আৰু ফল ধৰে।
অসমৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত নতুন সংযোজন
গৱেষকসকলে উদ্ভিদবিধৰ কাণ্ড, ফুলৰ বিন্যাস, বীজ আৰু অন্যান্য বৈশিষ্ট্যৰ সৈতে একে ধৰণৰ আন প্ৰজাতিৰ তুলনা কৰি ইয়াৰ স্বকীয় পৰিচয় নিশ্চিত কৰে। বিশেষকৈ ‘Osbeckia nayarii’ নামৰ একেধৰণৰ উদ্ভিদৰ সৈতে ইয়াৰ পাৰ্থক্য চিনাক্ত কৰা হয়।
এই আৱিষ্কাৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি আৰু বনাঞ্চলত এতিয়াও বহু উদ্ভিদৰ বৈচিত্ৰ্য বৈজ্ঞানিকভাৱে অধ্যয়ন কৰাৰ সম্ভাৱনা থকা কথাটো স্পষ্ট কৰিছে। নতুন প্ৰজাতিটোৰ বিস্তৃতি আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ জৰিয়তে অসমৰ মূল্যৱান উদ্ভিদ সম্পদ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো এই আৱিষ্কাৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
