TIME100 Next তালিকাত লাভলীনা, মীৰাবাঈ আৰু থেজা ৰিঅ’
-
TIME100 Next India 2026 তালিকাত উত্তৰ-পূবৰ তিনিগৰাকী ব্যক্তিত্ব।
-
লাভলীনা বৰগোহাঁই ‘Phenoms’ শাখাত স্থান লাভ।
-
মীৰাবাঈ চানু আৰু থেজা ৰিঅ’ ‘Innovators’ শাখাত অন্তৰ্ভুক্ত।
-
থেজা ৰিঅ’ৰ ছবি ‘Angh’এ টৰন্টো চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৯ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ মুহূৰ্ত। বিশ্ববিখ্যাত TIME আলোচনীৰ প্ৰথমখন ‘TIME100 Next India 2026’ তালিকাত স্থান লাভ কৰিছে অসমৰ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানু আৰু নাগালেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা থেজা ৰিঅ’ই। ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ১০০গৰাকী উদীয়মান ব্যক্তিত্বক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
ক্ৰীড়া ক্ষেত্ৰত লাভলীনা আৰু মীৰাবাঈৰ সাফল্য
অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত ২০২৩ চনত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক আৰু ২০২৬ চনৰ এছিয়ান গেমছতো স্বৰ্ণ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁক TIME100 Next India তালিকাৰ ‘Phenoms’ শাখাত স্থান দিয়া হৈছে।
আনহাতে, মণিপুৰৰ মীৰাবাঈ চানুৱে ভাৰোত্তোলনত দেশৰ হৈ অলিম্পিকৰ ৰূপৰ পদকসহ একাধিক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। ২০২৬ চনৰ এছিয়ান গেমছতো তেওঁ ৰূপৰ পদক অৰ্জন কৰে। তেওঁক ‘Innovators’ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে।
চলচ্চিত্ৰ নিৰ্মাণৰ বাবে স্বীকৃতি থেজা ৰিঅ’ক
নাগালেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা থেজা ৰিঅ’ই তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘Angh’ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। কন্যাক জনগোষ্ঠীৰ জীৱন, সংস্কৃতি আৰু সামাজিক পৰিৱৰ্তনক আধাৰ কৰি নিৰ্মাণ কৰা ছবিখনে ২০২৬ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Platform Prize লাভ কৰে। তেওঁকো ‘Innovators’ শাখাত স্থান দিয়া হৈছে।
উল্লেখযোগ্য যে TIMEৰ এই প্ৰথমখন ভাৰতকেন্দ্ৰিক TIME100 Next তালিকাত শিল্পী, ক্ৰীড়াবিদ, উদ্ভাৱক, নেতা আৰু সমাজ পৰিৱৰ্তকসকলক অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই স্বীকৃতিক অঞ্চলটোৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচনা কৰা হৈছে।
