Global Assam News

Global and Local Assam News Website

লক্ষীমপুৰ :নকল সোণ আৰু জাল নোট চক্রৰ সদস্য গুলিত আহত

  • লক্ষীমপুৰত নকল সোণ আৰু জাল নোট চক্রৰ সদস্য আৰক্ষীৰ গুলিত আহত
  • ১৩ অভিযুক্ত গ্ৰেপ্তাৰ, মূল চক্ৰান্তকাৰী আইনুল হক আটক
  • ‘অম্বানি গেং’-ৰ সম্পৃক্ততাৰ প্ৰমাণ
  • চক্রটোৰ জাল গুৱাহাটী আৰু অন্য ৰাজ্যলৈ বিস্তৃত

সমগ্ৰ সমাচাৰ সেৱা
 লক্ষীমপুৰ, ১০ জুলাই :অসম আৰক্ষীয়ে নকল সোণ আৰু জাল নোট চক্রৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰাৰ ফলত লক্ষীমপুৰত নাটকীয় এনকাউণ্টাৰত দুজন অভিযুক্ত গুৰুতৰভাৱে আহত হয়। চক্রটোৰ সদস্য মুকসিদুল আলম আৰু মতিউৰ ৰহমান আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত গুলিবিদ্ধ হয়। এই অভিযান আৰম্ভ হৈছিল গ্ৰেপ্তাৰ অভিযুক্ত অজয় বিশ্বকর্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত।

অভিযানত দুইদিনত ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত চক্রটোৰ মূল চক্ৰান্তকাৰী আইনুল হকো আছে। বঙালমোৰাৰ পৰা ইক্ৰমুল, মিজানুৰ আৰু হাজিবুৰকো আটক কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিলে, আইনুল হক আৰু অজয় বিশ্বকর্মাৰ জিজ্ঞাসাবাদত চক্রটোৰ বহু গুৰুত্বপূর্ণ তথ্য উন্মোচিত হৈছে।

তদন্তত ‘অম্বানি গেং’ নামৰ কুখ্যাত গোটজনৰ সম্পৃক্ততাৰ প্ৰমাণও পোৱা গৈছে। আৰক্ষীৰ মতে, চক্রটোৱে গুৱাহাটী কেন্দ্ৰিক বৰা জাল নোট বিতৰণ জাল বিস্তাৰ কৰিছে আৰু ইয়াৰ সংযোগ অসমৰ বাহিৰতো আছে। এতিয়াও আৰক্ষীৰ অভিযান অব্যাহত আছে, আৰু বাকি চক্ৰান্তকাৰীসকলক ধৰা বাবে চেষ্টা চলি আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *