ডিগাৰুত লাইনচ্যুত কলকাতা–ছাইৰাং এক্সপ্ৰেছ
-
ডিগাৰু ৰে’ল ষ্টেচনত পুৱা ৬:৫৪ বজাত দুৰ্ঘটনা।
-
ইঞ্জিনসহ পাঁচটা দবা লাইনচ্যুত।
-
সকলো যাত্ৰী সুৰক্ষিত বুলি NFRৰ ঘোষণা।
-
বিকল্প ৰে’লেৰে যাত্ৰীসকলক গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১১ নৱেম্বৰ: গুৱাহাটীৰ সমীপৰ ডিগাৰু ৰে’ল ষ্টেচনত বুধবাৰে পুৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কলকাতাৰ পৰা মিজোৰামৰ ছাইৰাঙ অভিমুখী ১৩১২৫ নম্বৰৰ কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ পাঁচটাকৈ দবা ৰে’লপথৰ পৰা লাইনচ্যুত হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তথ্য অনুসৰি, এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই আৰু সকলো যাত্ৰী সুৰক্ষিত আছে।
পুৱা প্ৰায় ৬ বাজি ৫৪ মিনিটত কামৰূপ মহানগৰ জিলাৰ ডিগাৰু ৰে’ল ষ্টেচনত এই ঘটনা সংঘটিত হয়। আন এখন ৰে’লক অগ্ৰাধিকাৰ দিবলৈ এক্সপ্ৰেছখনক ষ্টেচনত ৰখোৱাৰ সময়ত চালকে ৰে’লখনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পাইছে।
উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ
দুৰ্ঘটনাৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। ঘটনাস্থলীলৈ উদ্ধাৰকাৰী ৰে’ল প্ৰেৰণ কৰাৰ লগতে জ্যেষ্ঠ ৰে’লৱে বিষয়াসকল উপস্থিত হয়। ৰে’লখনৰ যাত্ৰীসকলক বিকল্প ৰে’লৰ ব্যৱস্থাৰে নিজ নিজ গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।
ৰে’ল চলাচলত ব্যাঘাত
দুৰ্ঘটনাৰ ফলত ডিগাৰু অঞ্চলত ৰে’ল চলাচলত ব্যাঘাতৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতি আৰু লাইনচ্যুত দবাসমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰা হৈছে। ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই তদন্তৰ ব্যৱস্থা কৰিছে।
