September 20, 2026

Global Assam News

Global and Local Assam News Website

খেত্ৰী দুৰ্ঘটনাৰ পিছত NH-27 মেৰামতিৰ নিৰ্দেশ

সমগ্ৰ সমাচাৰ সেৱা

যোৰাবাট, ছেপ্টেম্বৰ: খেত্ৰীৰ নালগেদেৰা অঞ্চলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত সাতজন লোক নিহত হোৱাৰ পিছত NH-27ৰ দুৰৱস্থাক লৈ জনসাধাৰণৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ মাজতে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ক্ষতিগ্ৰস্ত অংশত থকা গাঁতসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিছে।

বৃহস্পতিবাৰে ডিমৰীয়া সহ-জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ বৈঠকত ইতিমধ্যে নিৰ্ধাৰণ কৰা সাতদিনীয়া সময়সীমাৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ছোনাপুৰত ছাৰ্ভিচ লেন নিৰ্মাণৰ সিদ্ধান্ত

বৈঠকত NH-27ত সঘনাই সৃষ্টি হোৱা আকস্মিক বানৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবেও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে ছোনাপুৰ বালি গেটৰ পৰা ছোনাপুৰ জিলা চিকিৎসালয়লৈ এটা ছাৰ্ভিচ লেন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

জিলা পথ সুৰক্ষা সমিতিয়ে NH-27 আৰু NH-6ত অবৈধভাৱে বাহন ৰখাৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। অবৈধ পাৰ্কিঙে যানজঁট বৃদ্ধি কৰাৰ লগতে পথচাৰীৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি সৃষ্টি কৰি আহিছে।

দুৰ্ঘটনাৰ পিছত NHAIৰ পৰিদৰ্শন

বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল, ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস, ডিমৰীয়া সহ-জিলা আয়ুক্ত কংকণ শৰ্মাৰ লগতে জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাৰ বিষয়াসকল উপস্থিত থাকে। স্থানীয় সংগঠন আৰু নাগৰিক প্ৰতিনিধিয়েও বৈঠকত অংশগ্ৰহণ কৰে।

ইফালে, NHAIৰ বিষয়াসকলে ক্ষতিগ্ৰস্ত পথাংশ পৰিদৰ্শন কৰি গাঁত, পানী জমা হোৱা স্থান আৰু অন্যান্য সমস্যাসমূহ পৰ্যালোচনা কৰে। পথ নিৰ্মাণ কৰ্তৃপক্ষই মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ আশ্বাস দিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *