November 23, 2026

Global Assam News

Global and Local Assam News Website

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ মৃত ব্যক্তিৰ পৰিচয় চিনাক্ত

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ মৃত ব্যক্তিৰ পৰিচয় চিনাক্ত
  • নাৰেংগীত ২৫ লাখ টকাসহ মৃতদেহ উদ্ধাৰ।

  • মৃত ব্যক্তিজনৰ পৰিচয় চিনাক্ত।

  • শ্ৰীভূমিলৈ যোৱাৰ সময়ত ভুল ৰে’লত উঠাৰ সন্দেহ।

  • ২৫ লাখ টকাৰ উৎস বিচাৰি ৰে’ল আৰক্ষীৰ তদন্ত।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৪ নৱেম্বৰ: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত প্ৰায় ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ পৰিচয় চিনাক্ত কৰিছে ৰে’ল আৰক্ষীয়ে। মৃত ব্যক্তিজনক অসীম দেৱনাথ বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে কিছুমান সংবাদ মাধ্যমত তেওঁৰ নাম বিশ্বজিৎ দেৱনাথ বুলিও প্ৰকাশ পাইছে।

২১ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত ৰে’লপথৰ কাষত ব্যক্তিজনৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল। পিছত আৰক্ষীয়ে মৃতদেহৰ লগতে প্ৰায় ২৫ লাখ টকা উদ্ধাৰ কৰে।

ভুল ৰে’লত উঠাৰ সন্দেহ

প্ৰাৰম্ভিক তদন্ত অনুসৰি, ব্যক্তিজনে শ্ৰীভূমিলৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ভুলবশতঃ গুৱাহাটীৰ পৰা কলংপাৰ যাত্ৰীবাহী ৰে’লত উঠিছিল বুলি আৰক্ষীৰ সন্দেহ। তেওঁ টিকট অবিহনে যাত্ৰা কৰা বুলিও জানিব পৰা গৈছে।

২৫ লাখ টকাৰ উৎস বিচাৰি তদন্ত

মৃত ব্যক্তিজনৰ পৰা উদ্ধাৰ হোৱা নগদ ধনৰ উৎস এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে তেওঁৰ যাত্ৰাপথ, পৰিচয় আৰু ধনৰ উৎস সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটী ৰে’ল ষ্টেচনৰ CCTV ফুটেজতো তেওঁৰ ৰে’লত উঠাৰ কোনো স্পষ্ট তথ্য লাভ কৰা নাই বুলি প্ৰকাশ পাইছে।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু ২৫ লাখ টকাৰ উৎস তদন্তৰ পিছতহে স্পষ্ট হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *