September 20, 2026

Global Assam News

Global and Local Assam News Website

GMCHৰ MICUত মনিটৰ বিস্ফোৰণ, ৰোগী স্থানান্তৰ

GMCHৰ MICUত মনিটৰ বিস্ফোৰণ, ৰোগী স্থানান্তৰ

Oplus_131072

  • GMCHৰ MICU-2ত মনিটৰ বিস্ফোৰণ।
  • সুৰক্ষাৰ বাবে চিকিৎসাধীন ৰোগী স্থানান্তৰ।
  • বিস্ফোৰণৰ পূৰ্বেই ৰোগীৰ মৃত্যু হোৱা বুলি অধীক্ষকৰ স্পষ্টীকৰণ।
  • মনিটৰ বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

সমগ্ৰ সমাচাৰ সেৱা

 গুৱাহাটী,২০ ছেপ্টেম্বৰ:গুৱাহাটীস্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)ৰ MICU-2ত দেওবাৰে এটা মনিটৰ বিস্ফোৰণ হোৱাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হয়। ঘটনাৰ পিছতে চিকিৎসাধীন ৰোগীসকলক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আন এটা কক্ষলৈ স্থানান্তৰ কৰা হয়।

চিকিৎসাধীন ৰোগীৰ মাজতে বিস্ফোৰণ

হাস্পতাল কৰ্তৃপক্ষৰ মতে, কক্ষটোত ৰোগীসকলৰ চিকিৎসা চলি থকাৰ সময়তে মনিটৰটো বিস্ফোৰিত হয়। ঘটনাৰ পিছত কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতি এৰাই চলিবলৈ ৰোগীসকলক তৎকালীনভাৱে আন কক্ষলৈ লৈ যোৱা হয়।

ঘটনাটোক লৈ কিছু সময়ৰ বাবে হাস্পতালখনত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে, বিস্ফোৰণৰ ফলত আন চিকিৎসাধীন ৰোগীৰ কোনো ক্ষতি হোৱা নাই বুলি GMCHৰ অধীক্ষকে জানিবলৈ দিয়ে।

ৰোগীৰ মৃত্যুক লৈ স্পষ্টীকৰণ

ঘটনাটোৰ সৈতে এগৰাকী ‘তিৰ্কি’ নামৰ ৰোগীৰ মৃত্যুৰ কথা পোহৰলৈ আহিছিল। কিন্তু GMCHৰ অধীক্ষকে স্পষ্ট কৰি দিয়ে যে মনিটৰ বিস্ফোৰণৰ ফলত ৰোগীগৰাকীৰ মৃত্যু হোৱা নাছিল। তেওঁৰ মতে, বিস্ফোৰণৰ পূৰ্বেই ৰোগীগৰাকীৰ মৃত্যু হৈছিল।

অধীক্ষকে লগতে জানিবলৈ দিয়ে যে নিশাৰ সময়ত মৃতদেহ ঘৰলৈ লৈ যাবলৈ যাতায়াতৰ খৰচ অধিক হোৱাৰ বাবে মৃতদেহটো হাস্পতালতে নিশাটো ৰখা হৈছিল।

বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট নহয়

GMCHৰ অধীক্ষকৰ মতে, ঘটনাৰ পিছত MICUত থকা বাকী ৰোগীসকল সুৰক্ষিত অৱস্থাত আছে। অৱশ্যে, মনিটৰটো কিয় বিস্ফোৰিত হ’ল আৰু ঘটনাটোৰ ফলত কোনো সা-সম্পত্তিৰ ক্ষতি হৈছে নে নাই, সেই বিষয়ে এই পৰ্যন্ত স্পষ্ট তথ্য পোৱা হোৱা নাই।

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *