ফাঁচীবজাৰত পথ সুৰক্ষা আৰু সুচল যাতায়াতৰ নতুন ব্যৱস্থা
সমগ্ৰ সমাচাৰ সেৱা
- ফাঁচীবজাৰৰ এম এছ ৰোড আৰু এইচ বি ৰোডত ‘ন’ ভেণ্ডিং আৰু ‘ন’ পাৰ্কিং জ’ন ঘোষণা।
- পথৰ কাষৰ দোকান-পোহাৰ আৰু বেদখল উচ্ছেদ কৰিবলৈ অভিযান চলোৱা হয়।
- ব্যৱসায়ীৰ বিকল্প স্থানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান।
- নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈহে বাণিজ্যিক বাহন চলাচলৰ অনুমতি।
গুৱাহাটী,3 ছেপ্টেম্বৰ:মহানগৰীৰ ব্যস্ত ফাঁচীবজাৰ এলেকাত যানজঁট নিয়ন্ত্ৰণৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ১ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা এম এছ ৰোড আৰু এইচ বি ৰোডক ‘ন’ ভেণ্ডিং’ আৰু ‘ন’ পাৰ্কিং’ জ’ন হিচাপে ঘোষণা কৰা হৈছে।
প্ৰশাসনৰ মতে, পথৰ কাষত অনিয়ন্ত্ৰিতভাৱে ব্যৱসায়, বেদখল আৰু য’তে-ত’তে বাহন ৰখাৰ ফলত অঞ্চলটোত যানজঁটৰ সমস্যা বৃদ্ধি পাইছিল। এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পাছতে ফাঁচীবজাৰত উচ্ছেদ অভিযান চলাই নিৰ্দিষ্ট পথাংশৰ পৰা পথৰ কাষৰ দোকান-পোহাৰ আৰু ভেণ্ডৰ আঁতৰোৱা হয়।
বিকল্প স্থান দিয়াৰ দাবী ব্যৱসায়ীৰ
উচ্ছেদ অভিযানৰ সময়ত এগৰাকী ব্যৱসায়ীয়ে কয় যে তেওঁ বিগত প্ৰায় ১০ বছৰ ধৰি সেই স্থানত ব্যৱসায় চলাই আহিছিল। তেওঁৰ দাবী অনুসৰি, কোনো আগতীয়া জাননী নিদিয়াকৈ ফুটপাথ খালী কৰিবলৈ কোৱা হৈছিল।
ফুটপাথত ব্যৱসায় কৰা নিয়মবহিৰ্ভূত বুলি স্বীকাৰ কৰিও তেওঁ কয় যে বহু পৰিয়াল এই সৰু ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল। আন এগৰাকী ব্যৱসায়ীয়েও ভেণ্ডৰসকলৰ বাবে বিকল্প স্থানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।
বাণিজ্যিক বাহনৰ সময় নিৰ্ধাৰণ
জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, চাৰিচকীয়া পৰ্যন্ত বাণিজ্যিক বাহন কেৱল নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈহে এই পথসমূহত চলাচল কৰিব পাৰিব। ব্যক্তিগত বাহন যান চলাচলত বাধা সৃষ্টি নকৰাকৈ নিয়মীয়াকৈ পাৰ্ক কৰিব লাগিব।
ইয়াৰ লগতে পথৰ ওপৰত বাণিজ্যিক কাৰ্যকলাপ, ঠেলা আৰু হেণ্ডকাৰ্ট চলোৱা, ষ্টল, তম্বু অথবা অন্যান্য অস্থায়ী বা স্থায়ী গাঁথনি স্থাপনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
