EV অটোৰ নথি পৰীক্ষা আৰম্ভ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী ,১ ১ ছেপ্টেম্বৰৰ,:গুৱাহাটীত বৈদ্যুতিক অটো-ৰিক্সা চলাবলৈ এতিয়াৰে পৰা বৈধ ড্ৰাইভিং লাইচেন্স আৰু পাৰ্মিট থকাটো বাধ্যতামূলক কৰা হৈছে। ১০ ছেপ্টেম্বৰৰ পৰা চালকসকলৰ নথি-পত্ৰ পৰীক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মন্ত্ৰীৰ সৈতে চালক সংগঠনৰ বৈঠক
বুধবাৰে দিছপুৰত পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ সৈতে EV অটোচালকৰ প্ৰতিনিধি আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত লাইচেন্স, পাৰ্মিট আৰু ভাড়াকে ধৰি দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। চালক সংগঠনে চৰকাৰৰ পৰা সমস্যাসমূহ সমাধানৰ আশ্বাস লাভ কৰা বুলি জানিবলৈ দিয়ে।
কেব আৰু অটো চালকৰ দাবীক লৈ আলোচনা
গুৱাহাটীত এপ-ভিত্তিক কেব আৰু অটো সেৱাৰ চালকসকলে ভাড়া বৃদ্ধি, কম বেছ ফেয়াৰ আৰু কোম্পানীসমূহৰ কমিছন ব্যৱস্থাক লৈ প্ৰতিবাদ কৰি আহিছিল। ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘট ৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ পাছত প্ৰত্যাহাৰ কৰা হৈছিল। পৰিবহণ বিভাগে চালকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
