November 21, 2026

Global Assam News

Global and Local Assam News Website

বিলাস ইন গুলীচালনা: ঘনকান্ত গগৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বিলাস ইন গুলীচালনা: ঘনকান্ত গগৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ
  • ঘনকান্ত গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ।

  • সাত দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ সম্পূৰ্ণ।

  • বিলাস ইন হোটেলৰ গুলীচালনাত পাঁচজনৰ মৃত্যু।

  • এছআইটিৰ তদন্ত অব্যাহত।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩ নৱেম্বৰ: গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈক মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। সাত দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে অধিক জেৰাৰ বাবে পুনৰ জিম্মাত বিচৰা নাই।

উল্লেখ্য যে, যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ ব’ৰা চাৰ্ভিচস্থিত বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল আৰু আন এজন লোক আহত হৈছিল।

হোটেলৰ লীজক কেন্দ্ৰ কৰি সংঘাত

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, হোটেলখনৰ মালিকপক্ষ আৰু লীজ গ্ৰহণ কৰা ঘনকান্ত গগৈৰ মাজত হোটেলৰ পৰিচালনা, সংস্কাৰ আৰু বিভিন্ন সা-সুবিধাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল। এই বিবাদে পিছলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে বুলি তদন্তত প্ৰকাশ পাইছে।

গুলীচালনাৰ ঘটনাত হোটেলৰ মালিক পৰিয়ালৰ চাৰিগৰাকী সদস্য ক্ৰমে হেলেনা ভৰালী, ভুদেৱ ভৰালী, দেৱৰ্ষি কাশ্যপ আৰু ৰিণিকা কাশ্যপৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি পৰিয়ালটোৰ কৰ্মচাৰী নাৰায়ণ দাসেও প্ৰাণ হেৰুৱায়। আনহাতে, পৰিয়ালটোৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠক গুলীবিদ্ধ হৈ আহত হৈছিল।

এছআইটিৰ তদন্ত অব্যাহত

ঘটনাটোৰ তদন্তৰ বাবে আৰক্ষীয়ে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত ছয়জনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। সোমবাৰে তদন্তকাৰী দলে অভিযুক্ত গগৈক বিলাস ইন হোটেললৈ নি ঘটনাস্থলীৰ পুনৰ নিৰ্মাণ কৰিছিল। এই প্ৰক্ৰিয়াত ডামি মৃতদেহ আৰু নকল আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বিভিন্ন তথ্য, ফৰেনছিক প্ৰমাণ আৰু সাক্ষীৰ ভাষ্য পৰীক্ষা কৰি আছে। অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতো গোচৰটোৰ তদন্ত অব্যাহত থাকিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *