November 22, 2026

Global Assam News

Global and Local Assam News Website

১৪.৫৫ কোটিৰ নিবিদা কেলেংকাৰি, ত্ৰিপুৰাসহ ৩ ৰাজ্যত EDৰ অভিযান
  • তিনিখন ৰাজ্যৰ ১৩টা স্থানত EDৰ অভিযান।

  • ১৪.৫৫ কোটি টকাৰ ভুৱা নিবিদা কেলেংকাৰি।

  • নিলম্বিত IAS বিষয়া অভিষেক চন্দ্ৰৰ বাসগৃহতো তালাচী।

  • নথি-পত্ৰ আৰু ডিজিটেল সামগ্ৰী জব্দ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৫ নৱেম্বৰ:১৪.৫৫ কোটি টকাৰ ভুৱা চৰকাৰী নিবিদা কেলেংকাৰিৰ তদন্তৰ অংশ হিচাপে ত্ৰিপুৰাকে ধৰি তিনিখন ৰাজ্যৰ ১৩টা স্থানত অভিযান চলাইছে বলৱৎকাৰী সঞ্চালকালয়ে (ED)। বুধবাৰে (৪ নৱেম্বৰ) ত্ৰিপুৰা, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত EDৰ আগৰতলা উপ-আঞ্চলিক কাৰ্যালয়ে এই তালাচী অভিযান চলায়।

ভুৱা চৰকাৰী নিবিদাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

EDৰ তদন্ত অনুসৰি, ‘Directorate of Higher Education’ নামৰ এটা কাল্পনিক প্ৰতিষ্ঠানৰ জৰিয়তে ত্ৰিপুৰা চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনি আৰু বিদ্যুৎ খণ্ডৰ ভুৱা নিবিদা প্ৰস্তুত কৰা হৈছিল। নাগপুৰস্থিত SK Sales Corporation নামৰ এটা প্ৰতিষ্ঠানক এই ভুৱা নিবিদাৰ জৰিয়তে প্ৰায় ১৪.৫৫ কোটি টকাৰ Earnest Money Deposit (EMD) জমা দিবলৈ প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈ এই ধন সংগ্ৰহ কৰা হৈছিল বুলি EDয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ত্ৰিপুৰাৰ কেডাৰৰ নিলম্বিত IAS বিষয়া অভিষেক চন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে তদন্ত চলি আছে।

তালাচীত নথি-পত্ৰ আৰু ডিজিটেল সামগ্ৰী জব্দ

অভিযানৰ সময়ত সন্দেহযুক্ত লোকসকলৰ বাসগৃহ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত তালাচী চলোৱা হয়। EDয়ে হাৱালা লেনদেন, উচ্চমূল্যৰ সম্পত্তি আৰু কৰ্প’ৰেট প্ৰতিষ্ঠানৰ সৈতে জড়িত বহু নথি-পত্ৰ, ডিজিটেল ডিভাইচ আৰু ইলেক্ট্ৰনিক তথ্য জব্দ কৰিছে।

তদন্তকাৰী সংস্থাটোৰ মতে, সংগ্ৰহ কৰা ধনৰ কিছু অংশ ভুৱা প্ৰতিষ্ঠান আৰু শ্বেল কোম্পানীৰ জৰিয়তে স্থানান্তৰ কৰা হৈছিল। এই ধনৰ ব্যৱহাৰ সম্পৰ্কেও তদন্ত অব্যাহত আছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *