September 22, 2026

Global Assam News

Global and Local Assam News Website

ধুবুৰীত ৩,২০০ মেগাৱাটৰ বৃহৎ বিদ্যুৎ প্ৰকল্প
  • ধুবুৰীত ৩,২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প।
  • প্ৰকল্পটোত ৪৮,০০০ কোটি টকাৰ বিনিয়োগ।
  • ৮০০ মেগাৱাটৰ চাৰিটা ইউনিট স্থাপনৰ পৰিকল্পনা।
  • নিৰ্মাণ আৰু পৰৱৰ্তী পৰ্যায়ত হাজাৰ হাজাৰ নিয়োগৰ সম্ভাৱনা।

সমগ্ৰ সমাচাৰ সেৱা

ধুবুৰী, ২১ ছেপ্টেম্বৰ: অসমৰ শক্তি খণ্ডত এক বৃহৎ সংযোজন হিচাপে ধুবুৰী জিলাৰ চাপৰত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। আদানি পাৱাৰৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোত প্ৰায় ৪৮,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা প্ৰকাশ কৰা হৈছে।

৮০০ মেগাৱাটৰ চাৰিটা ইউনিট

প্ৰকল্পটোত ৮০০ মেগাৱাটকৈ মুঠ চাৰিটা আল্ট্ৰা-ছুপাৰক্ৰিটিকেল ইউনিট স্থাপন কৰা হ’ব। পৰিকল্পনা অনুসৰি ২০৩০ চনৰ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

সৃষ্টি হ’ব বৃহৎ নিয়োগৰ সুযোগ

প্ৰকল্পটোৰ নিৰ্মাণ পৰ্যায়ত প্ৰায় ২০,০০০টা আৰু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় ৫,০০০টা প্ৰত্যক্ষ নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই প্ৰকল্পই অসমৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্যিক ক্ষেত্ৰৰ ক্ৰমবৰ্ধমান বিদ্যুৎ চাহিদা পূৰণত সহায় কৰিব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *