উদ্ধাৰ হোৱা পুৰণি টেপেৰে পুনৰ জীৱন্ত সুধাকণ্ঠ
-
১৯৯৯ চনৰ দুৰ্লভ ভিডিঅ’ টেপৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ।
-
ববীতা শৰ্মাৰ পৰিচালনাত ৬৫ মিনিটৰ ‘ভূপেন দা আনকাট’।
-
২৪ অক্টোবৰত গুৱাহাটীৰ চলচিত্ৰম চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনী।
-
১৩ নৱেম্বৰত মুম্বাই ইণ্ডি-ফিল্ম মহোৎসৱত প্ৰদৰ্শন।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ২২ অক্টোবৰ: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদ্যাপনৰ মাজতে তেওঁৰ জীৱনৰ বহু অজানা দিশ উন্মোচন কৰিবলৈ আগবাঢ়িছে তথ্যচিত্ৰ ‘ভূপেন দা আনকাট’। ১৯৯৯ চনত লণ্ডনত সংগ্ৰহ কৰা আৰু পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা পুৰণি ভিডিঅ’ টেপৰ আধাৰত নিৰ্মিত এই তথ্যচিত্ৰখনে কিংবদন্তি শিল্পীগৰাকীৰ ব্যক্তিগত জীৱন, চিন্তাধাৰা আৰু সৃষ্টিশীল মনৰ এক অন্তৰংগ ছবি দাঙি ধৰিছে।
১৯৯৯ চনৰ হেৰাই যোৱা টেপত শিল্পীগৰাকীৰ অমূল্য স্মৃতি
ববীতা শৰ্মাৰ পৰিচালনাত নিৰ্মিত ৬৫ মিনিটৰ তথ্যচিত্ৰখনত ড° হাজৰিকাৰ পুৰণি ভিডিঅ’ ৰেকৰ্ডিং ব্যৱহাৰ কৰা হৈছে। ইয়াত কোনো নাটকীয় পুনৰ্নিৰ্মাণৰ পৰিৱৰ্তে শিল্পীগৰাকীৰ নিজৰ কথা, স্মৃতি আৰু অনুভৱক মূল ৰূপত উপস্থাপন কৰা হৈছে।
তথ্যচিত্ৰখনত তেওঁৰ শৈশৱ, নিউয়ৰ্কত উচ্চশিক্ষা গ্ৰহণৰ সময়, বৈবাহিক জীৱন আৰু জীৱন দৰ্শনৰ বিভিন্ন দিশ স্থান পাইছে। লগতে তেওঁৰ কিছুমান কবিতা আবৃত্তিৰ দুৰ্লভ দৃশ্যও দৰ্শকে উপভোগ কৰিবলৈ পাব। এই টেপসমূহে নতুন প্ৰজন্মক সুধাকণ্ঠৰ ব্যক্তিত্ব আৰু চিন্তাজগতৰ সৈতে পৰিচিত হোৱাৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে।
গুৱাহাটী আৰু মুম্বাইত হ’ব পৰৱৰ্তী প্ৰদৰ্শনী
জন্ম শতবৰ্ষ উপলক্ষে তথ্যচিত্ৰখনৰ যাত্ৰা অব্যাহত আছে। অহা ২৪ অক্টোবৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া চলচিত্ৰম চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১৩ নৱেম্বৰত মুম্বাই ইণ্ডি-ফিল্ম মহোৎসৱতো তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হ’ব।
পৰিচালক ববীতা শৰ্মাৰ মতে, এই দুৰ্লভ ৰেকৰ্ডিংসমূহে ভূপেন হাজৰিকাক তেওঁৰ নিজৰ ভাষা আৰু অনুভৱৰ মাজেৰে নতুনকৈ আৱিষ্কাৰ কৰাৰ সুযোগ দিয়ে। তথ্যচিত্ৰখনৰ জৰিয়তে সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান আৰু মানৱতাবাদী দৰ্শন নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।
