গুৱাহাটীৰ ভূতনাথ কালিপুৰত শোকাৱহ দুৰ্ঘটনা
Oplus_131072
- গুৱাহাটীৰ ভূতনাথ কালিপুৰত চলন্ত দু-চকীয়া বাহনৰ ওপৰত ভাঙি পৰিল বৃহৎ পচা গছ।
- দুৰ্ঘটনাৰ সময়ত পাণ্ডু মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী পৰীক্ষা দিবলৈ গৈ আছিল।
- দুয়ো আহত হ’লেও ছাত্ৰীগৰাকীৰ মৃত্যু ঘটে।
- ছাত্ৰীগৰাকীৰ ডিঙি আৰু কোমৰত গুৰুতৰ আঘাত লাগিছিল।
চলন্ত দু-চকীয়া বাহনৰ ওপৰত ভাঙি পৰিল পচা গছ, ছাত্ৰীৰ মৃত্যু
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ জুন: গুৱাহাটীৰ ভূতনাথ কালিপুৰ অঞ্চলত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ নগৰবাসীক স্তম্ভিত কৰি তুলিছে। ৰে’ল লাইনৰ কাষত থকা এটা বৃহৎ আৰু পচি যোৱা গছ হঠাতে ভাঙি চলন্ত দু-চকীয়া বাহনৰ ওপৰত পৰাত এই দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত পাণ্ডু মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী পৰীক্ষা দিবলৈ গৈ আছিল। গছজোপা হঠাতে ভাঙি পৰাত দুয়ো গুৰুতৰভাৱে আহত হয়।
আহত দুয়োজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক আছিল। ডিঙি আৰু কোমৰত গুৰুতৰ আঘাত পোৱাৰ ফলত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে। আনহাতে, আনজন শিক্ষাৰ্থী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
এই ঘটনাই নগৰাঞ্চলত থকা পুৰণি আৰু বিপদজনক গছসমূহৰ নিয়মীয়া পৰীক্ষা আৰু অপসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত পুনৰ এবাৰ গুৰুত্ব আৰোপ কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
