গুৱাহাটীত ২০২৭ত জনজাতীয় মেলা ঘোষণা
-
২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা পাঁচদিনীয়া জনজাতীয় মেলা।
-
অহা বছৰ অসমত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ পৰিকল্পনা।
-
অসমৰ ১৭খন একলব্য বিদ্যালয়ৰ ভিতৰত ৮খন কাৰ্যক্ষম।
-
পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ চনৰ জনজাতীয় গৌৰৱ বঁটা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী,১৫ নৱেম্বৰ: অসমৰ জনজাতীয় সমাজৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২০২৭ চনত গুৱাহাটীত এখন জনজাতীয় মেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগতে অহা বছৰ ৰাজ্যখনত এটা জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
জনজাতীয় শিক্ষা আৰু সন্মান প্ৰদানত গুৰুত্ব
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উন্নতিৰ বাবে দেশজুৰি ২৫,০০০ কোটি টকা ব্যয়েৰে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনৰ কাম চলি আছে। অসমত মুঠ ১৭খন এনে বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে, ইয়াৰে ইতিমধ্যে ৮খন বিদ্যালয় কাৰ্যক্ষম হৈ আছে।
আনহাতে, ২০২৬ চনৰ জনজাতীয় গৌৰৱ বঁটাৰ বাবে অসমৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে উদ্যোগী কিৰাট ব্ৰহ্ম, নাট্যকৰ্মী পবিত্ৰ ৰাভা, শিল্পী পুহিন দৌলা আৰু মংগল সিং ক্ৰো, লগতে সংগীতজ্ঞ ড০ গুমথাও বসুমতাৰী।
এই পদক্ষেপসমূহৰ জৰিয়তে অসমৰ জনজাতীয় সমাজৰ শিক্ষা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদানৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।
