অসম চৰকাৰী : প্ৰভিন্সিয়ালাইজড বিদ্যালয়ত ৩০,০৩২ শিক্ষক পদ খালী
- অসম চৰকাৰী আৰু প্ৰভিন্সিয়ালাইজড বিদ্যালয়ত ৩০,০৩২ শিক্ষক পদ খালী আছে।
- শিক্ষা মন্ত্ৰী ড. ৰণোজ পেগুৱে কৈছে, নিযুক্তি ধাপে ধাপে সম্পন্ন কৰা হ’ব।
- মুঠ ১,৫৪,০৭৮ অনুমোদিত শিক্ষক পদৰ ভিতৰত LP, UP, ME, MV, High আৰু Higher Secondary বিদ্যালয়ত ব্যাপক ঘাটতি।
- বাৰপেটা, নলবাৰী, কাছাৰ, ধুবুৰী, কামরূপ, নগাঁও, শিৱসাগৰ, লক্ষীমপুর আদি জিলাত সবচেয়ে অধিক খালী পদ।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১২ জুলাই :অসম বিধানসভাত শিক্ষা মন্ত্ৰী ড. ৰণোজ পেগুৱে সদনক অৱগত কৰে যে, ৰাজ্যৰ চৰকাৰী আৰু প্ৰভিন্সিয়ালাইজড বিদ্যালয়ত বৰ্তমান ৩০,০৩২ শিক্ষক পদ খালী আছে। চৰকাৰে সকলো খালী পদৰ তথ্য সংগ্ৰহ কৰি আছে আৰু দু’লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই নিযুক্তি ধাপে ধাপে সম্পন্ন কৰা হ’ব।
বিদ্যালয় শিক্ষা বিভাগৰ মুঠ অনুমোদিত শিক্ষক পদ ১,৫৪,০৭৮। ইয়াত ৬৩,৩৩৫টা LP, ২৭,২৬৩টা UP, ME & MV আৰু ৬৩,৪৮০টা High & Higher Secondary (৫৬,১২৯টা Graduate Teacher আৰু ৭,৩৫১টা Post Graduate Teacher) পদ আছে।
বৰ্তমান খালী ৩০,০৩২টা শিক্ষক পদৰ ভিতৰত—
- LP সহকাৰী শিক্ষক: ১১,৬৬২
- UP সহকাৰী শিক্ষক: ৪,৩১৫
- UP হিন্দী শিক্ষক: ১,৭৩৭
- UP বিজ্ঞান শিক্ষক: ৯০৭
- UP অসমীয়া ভাষা শিক্ষক: ১৬৩
- UP মণিপুৰী ভাষা শিক্ষক: ১৭
- Graduate Teacher: ১০,০০৫
- Post Graduate Teacher: ১,২২৬
Secondary বিদ্যালয়ত Graduate আৰু Post Graduate Teacher-ৰ আটাইতকৈ বেছি খালী পদ — বাৰপেটা (১,১২৯), নলবাৰী (৬৮৫), কাছাৰ (৫৭৬), ধুবুৰী (৫৬৩), কামরূপ (৫৪২), নগাঁও (৫৩১)।
Elementary স্তৰত শিৱসাগৰ (১,৪০২), কামরূপ (১,১৩১), বাৰপেটা (৯৬৯), ধুবুৰী (১,২৪৬), লক্ষীমপুর (১,১৩০), নগাঁও (১,০৭২) জিলাত সকলোতকৈ বেছি খালী পদ।
