November 22, 2026

Global Assam News

Global and Local Assam News Website

নৱেম্বৰৰ পৰা অসমত বিদ্যুতৰ মাচুল বৃদ্ধি, পাঁচ মাহত প্ৰত্যাহাৰৰ আশ্বাস

নৱেম্বৰৰ পৰা অসমত বিদ্যুতৰ মাচুল বৃদ্ধি, পাঁচ মাহত প্ৰত্যাহাৰৰ আশ্বাস
  • নৱেম্বৰৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি।

  • ১৫৫.৫৯ কোটি টকাৰ অধিভাৰ আদায়ৰ অনুমতি।

  • পাঁচ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে অধিভাৰ সংগ্ৰহ।

  • অতিৰিক্ত মাচুল প্ৰত্যাহাৰৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৩ নৱেম্বৰ: অসমৰ বিদ্যুৎ গ্ৰাহকসকলে নৱেম্বৰ মাহৰ পৰা অধিক বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব। অসম বিদ্যুৎ নিয়ামক আয়োগে (AERC) অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (APDCL) জমা হৈ থকা বিদ্যুৎ ক্ৰয় আৰু ইন্ধনৰ মূল্য সমন্বয় অধিভাৰ (FPPPAS) আদায়ৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছতে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে গ্ৰাহকসকলক আশ্বাস দিছে যে এই বৃদ্ধি স্থায়ী নহয়। APDCL-এ নিজৰ অতিৰিক্ত ব্যয় আৰু লোকচান আদায় কৰিবলৈ সক্ষম হোৱাৰ পিছত অতিৰিক্ত মাচুল প্ৰত্যাহাৰ কৰা হ’ব। মঙলবাৰে বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বৃদ্ধি প্ৰতি ইউনিটত পাঁচ পইচাতকৈ অধিক নহ’ব বুলি তেওঁ নিৰ্দেশ দিছে।

১৫৫.৫৯ কোটি টকাৰ অধিভাৰ আদায়ৰ অনুমতি

AERC-এ APDCL-ক ২০২৬ চনৰ এপ্ৰিলৰ পৰা আগষ্টলৈ জমা হোৱা প্ৰায় ১৫৫.৫৯ কোটি টকাৰ FPPPAS অধিভাৰ নৱেম্বৰ ২০২৬ৰ পৰা মাৰ্চ ২০২৭লৈ পাঁচ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে আদায়ৰ অনুমতি দিছে।

APDCL-এ বানপানীজনিত বাধা আৰু অন্যান্য পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়ত এই অধিভাৰ সংগ্ৰহ কৰিব নোৱাৰাৰ কথা আয়োগক অৱগত কৰিছিল। ইয়াৰ পিছতে আয়োগে বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিয়মৰ কিছু শিথিলতা প্ৰদান কৰে।

পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰভাৱ

মুখ্যমন্ত্ৰীয়ে বিদ্যুতৰ মাচুল বৃদ্ধিৰ কাৰণ হিচাপে পশ্চিম এছিয়াৰ সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, ইন্ধনৰ মূল্য বৃদ্ধি পালে বিদ্যুৎ ক্ৰয়ৰ ব্যয়ো বৃদ্ধি পায়। সেয়েহে এই অতিৰিক্ত ব্যয় সাময়িকভাৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলগীয়া হৈছে।

আনহাতে, AERC-এ APDCL-ক অধিভাৰ নিৰ্ধাৰণৰ সময়ত গ্ৰাহকৰ ওপৰত পৰা আৰ্থিক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিছে। লগতে নিয়মীয়া মাহিলি অধিভাৰৰ পৰা পূৰ্বৰ জমা অধিভাৰ পৃথককৈ দেখুৱাবলৈও কোৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে পুনৰ স্পষ্ট কৰি দিয়ে যে এই বৃদ্ধি স্থায়ী কৰাৰ কোনো পৰিকল্পনা নাই আৰু লোকচান আদায় হোৱাৰ পিছত অতিৰিক্ত মাচুল প্ৰত্যাহাৰ কৰা হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *