Global Assam News

Global and Local Assam News Website

অসমত আৰম্ভ হ’ব ভ্রাম্যমাণ আৰক্ষী থানা

সমগ্ৰ সমাচাৰ  সেৱা

গুৱাহাটী ,6 জুলাই :অসমত আৰম্ভ হ’ব ভ্রাম্যমাণ আৰক্ষী থানা, ১১২ নম্বৰত ফোন কৰিলে ঘটনাস্থলত পুহি যাব আৰক্ষী, চৰকাৰে ৯৭.৯০ কোটি টকা বরাদ্দ কৰিছেঅসমত আৰম্ভ হ’ব ভ্রাম্যমাণ আৰক্ষী থানা, ১১২-এ ফোন কৰিলে পুহি যাব আৰক্ষী বাহিনীঅসম আৰক্ষীৰ আধুনিকীকৰণৰ লক্ষ্যত ৰাজ্য চৰকাৰে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য মন্ত্রিসভাই ১১২ নম্বৰ জরুরি সেৱাক অধিক উন্নত কৰাৰ সিদ্ধান্ত লৈছে। এই উদ্দেশ্যে ৯৭.৯০ কোটি টকা বরাদ্দ কৰা হৈছে। নতুন ব্যৱস্থাত ৰাজ্যজুৰি ২০০টা ভ্রাম্যমাণ আৰক্ষী গাড়ী থাকিব আৰু একেটা গাড়ীকেই থানাৰ ৰূপত ব্যৱহাৰ কৰা হ’ব।

১১২ নম্বৰ ফোন: কোনো ঘটনাত ১১২ নম্বৰ ফোন কৰিলে, ফোনকর্মীয়ে উপগ্ৰহ সংকেতৰ সহায়ত নিকটৱৰ্তী গাড়ীক চিহ্নিত কৰি ঘটনাস্থললৈ পঠিয়াব।

বহুমুখী সহায়: এই সেৱাৰ জৰিয়তে কেৱল আৰক্ষী সহায় নহয়, চিকিৎসা বা অগ্নি নির্বাপন সহ অন্যান্য জরুরি সেৱাৰো ব্যৱস্থা থাকিব।

নতুন নিয়োগ: প্ৰকল্পটো সফল কৰিবলৈ ২০০টা গাড়ীৰ লগতে ১০০০জন চালক আৰু কণ্ট্ৰ’ল কক্ষে কাম কৰাৰ বাবে ২০০জন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব।

দ্ৰুত সহায়ৰ আশা: চৰকাৰৰ আশা, এই ভ্রাম্যমাণ থানাৰ জৰিয়তে অপৰাধ, দুৰ্ঘটনা বা অন্য যিকোনো বিপদত অসমবাসীয়ে অধিক দ্ৰুত সহায় পাব।

ডেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ১১২ নম্বৰৰ কেন্দ্ৰীয় কল চেন্টাৰ স্থাপন হ’ব। এই বিশেষ সেৱাৰ আৰম্ভণিৰ লগে লগে অসমত অপৰাধ আৰু দুৰ্ঘটনাত সহায়ৰ গতি আৰু মান বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *