৬ জানুৱাৰীৰ পৰা গুণোৎসৱ ২০২৭
-
গুণোৎসৱ ২০২৭ৰ সময়সূচী সংশোধন।
-
৬ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ।
-
প্ৰথম পৰ্যায়ত ২০খন জিলা সামৰি লোৱা হ’ব।
-
দ্বিতীয় পৰ্যায়ত ১৫খন জিলাত মূল্যায়ন অনুষ্ঠিত হ’ব।
গুৱাহাটী, ২২ নৱেম্বৰ: অসমৰ বিদ্যালয়সমূহৰ শৈক্ষিক মান পৰীক্ষাৰ বাবে অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ৰ সময়সূচী সংশোধন কৰিছে ৰাজ্য চৰকাৰে। পূৰ্বে ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা থকা সপ্তম গুণোৎসৱৰ মূল্যায়ন এতিয়া ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।
দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব মূল্যায়ন
সমগ্ৰ শিক্ষা, অসমে প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি, আগন্তুক লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গুণোৎসৱৰ মূল্যায়ন দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
প্ৰথম পৰ্যায়ৰ মূল্যায়ন ৬ৰ পৰা ৯ জানুৱাৰীলৈ ২০খন জিলাত অনুষ্ঠিত হ’ব। ৬ জানুৱাৰীত বিদ্যালয়সমূহে নিজে নিজৰ মূল্যায়ন কৰিব। ইয়াৰ পিছত ৭ৰ পৰা ৯ জানুৱাৰীলৈ বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়ত ১৫খন জিলা সামৰি লোৱা হ’ব
দ্বিতীয় পৰ্যায়ত বাকী ১৫খন জিলাক সামৰি লোৱা হ’ব। এই পৰ্যায়ৰ বিদ্যালয়সমূহৰ আত্মমূল্যায়ন ১৯ জানুৱাৰীত আৰু বাহ্যিক মূল্যায়ন ২০ৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।
২১ নৱেম্বৰত সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলা বিষয়াসকললৈ এই সংশোধিত সময়সূচী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে।
উল্লেখ্য যে গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ শিকন-দক্ষতা আৰু সামগ্ৰিক শিক্ষাৰ মান মূল্যায়ন কৰা হয়।
