ডাঃ ৰণোজ পেগু : অসম অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নামভৰ্তি ৪.১% হ্ৰাস
- অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নামভৰ্তি ৪.১% হ্ৰাস
- দেশজুৰি চৰকাৰী বিদ্যালয়ত নামভৰ্তি হ্ৰাসৰ হাৰ ৪.৪%
- জন্মৰ হাৰ কমি অহা নামভৰ্তি হ্ৰাসৰ অন্যতম কাৰণ
- অখিল গগৈয়ে শিক্ষকৰ অভাৱ সমাধানৰ দাবী আৰু সভা স্থগিতৰ প্ৰস্তাৱ
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী ,৭জুলাই: অসম অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নামভৰ্তি ৪.১% হ্ৰাস হৈছে, যিটো সৰ্বভাৰতীয় ৪.৪% হ্ৰাসৰ লগত সামঞ্জস্যপূর্ণ বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। অখিল গগৈয়ে দিয়া তথ্য ভুল বুলি শিক্ষামন্ত্ৰীৰ দাবী।
অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নামভৰ্তি হ্ৰাসৰ অভিযোগ অখিল গগৈয়ে তুলিছে। তেওঁৰ মতে, প্ৰায় ২৬ লাখ শিক্ষাৰ্থী হ্ৰাস হৈছে আৰু শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাইছে। শিক্ষাখণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে সভা স্থগিতৰ প্ৰস্তাৱো দিয়া হয়।
ইফালে, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্টীকৰণ দিয়ে যে, নামভৰ্তি হ্ৰাস এটা দেশজ সমস্যা—চৰকাৰী বিদ্যালয়ত সৰ্বভাৰতীয়ভাৱে ৪.৪% শিক্ষাৰ্থী হ্ৰাস পাইছে, যেতিয়া অসমত এই হাৰ ৪.১%। মাত্ৰ, অসমত প্ৰাথমিক শ্ৰেণীত নামভৰ্তি হ্ৰাস পোৱা দেখা গৈছে যদিও মাধ্যমিকত বৃদ্ধি পাইছে। জন্মৰ হাৰৰ পতনটোও নামভৰ্তি হ্ৰাসৰ এটা কাৰণ বুলি শিক্ষামন্ত্ৰীয়ে কয়।
