ৰাণী :অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ৰাণী বন বিভাগৰ অভিযান
- ৰাণী বনাঞ্চলত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান
- ভোলাগাঁও, বৰিহাট, ৰাণী আদি অঞ্চলত অনুসন্ধান
- কিছু কাঠ ব্যৱসায়ীয়ে বনকৰ্মীৰ সৈতে মধুৰ সম্পৰ্কৰ অভিযোগ
- চোৰাং কাঠ গোপনে ৰখাৰ সন্দেহ আৰু অভিযান অব্যাহত
সমগ্ৰ সমাচাৰ সেৱা
ৰাণী, ৯ জুলাই :বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত পূৱ কামৰূপ বন সংমণ্ডলৰ সজ্জনপাৰা, নালাপাৰা, শুকুৰবেৰীয়া, জয়পুৰ, চেঁচা আদি খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়াৰ দল আৰু বন কৰ্মীৰে গঠন কৰা বিশেষ দলে একাংশ অবৈধ কাঠৰ দোকান আৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।
বিভিন্ন সূত্ৰৰ খবৰ মতে, ভোলাগাঁও, ৰাণী, বৰিহাট আদি অঞ্চলত অভিযান চলাই বন বিভাগে কাঠৰ দোকান, কাঠকল, আদি অধিকাংশ স্থানত পৃথকে অনুসন্ধান কৰে। বিশেষকৈ ভোলাগাঁৱৰ কাঠফুলা দোকান, বৰিহাটৰ কাঠদোকান, ৰাণীৰ কাঠদোকানৰ ওপৰত কড়া নজৰ দি অভিযান চলে।
এই অভিযান কালত অধিকাংশ দোকানত বৈধ কাঠ নাপালেও, গোপন স্থানত চোৰাং কাঠ থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিভাগে। অভিযান অব্যাহত থকাৰ ফলত কিছু কাঠ ব্যৱসায়ীয়ে থৰকাচুটি হেৰুৱায়, যদিও একাংশৰ বনকৰ্মীৰ সৈতে মধুৰ সম্পৰ্ক থাকি বিশেষ ভয় নকৰাৰ খবৰ আহিছে।
মেঘালয়ৰ পৰা শুকুৰবেৰীয়া, পাগেলী বাগান, লোহাৰঘাটৰ উমচুৰ আদিৰে অসমলৈ কাঠ সৰবৰাহৰ গাড়ী কিছুদিন বন্ধ থকাৰ পাছত পুনৰ কিছুমান গাড়ী চলাৰ অনুমতি পোৱাত কিছু ব্যৱসায়ীয়ে সকাহ পাইছে।
