August 6, 2026

Global Assam News

Global and Local Assam News Website

অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে লণ্ডনত বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসন্তুষ্টি প্ৰকাশ

অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে লণ্ডনত বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসন্তুষ্টি প্ৰকাশ
  • অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে লণ্ডনত বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসন্তুষ্টি প্ৰকাশ।
  • মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়—”মইতো কাৰো ওচৰতে হাত পতাৰ পক্ষপাতী নহয়, লণ্ডন দূৰৰ কথা।”
  • মুখ্যমন্ত্ৰীয়ে জনায়, অসম চৰকাৰে নিজৰ সামৰ্থ্যৰে ৰাইজক সহায় কৰাৰ ক্ষমতা আছে; বিদেশত সাহায্য বিচৰা প্ৰয়োজন নাই।
  • তেখেতে বুলিছিল—”কোনোবাই উপযাচি দিলে, সেয়া বেলেগ কথা, কিন্তু বিদেশত গৈ বা চচিয়েল মিডিয়াত হাত পাতিব নালাগে।”
  • অভিনেত্ৰী মেঘৰঞ্জনীৰ জৱাব—”নিজৰ কলাৰ জৰিয়তে ক্ষুদ্ৰ প্ৰয়াস; সমালোচকসকলক সময় নষ্ট নকৰিবলৈ আহ্বান।”
  • মেঘৰঞ্জনী কয়—”যদি ভিক্ষা খুজিব লাগে, সেইটোও কৰিম; লণ্ডনত ইয়াক ‘Busking’ বুলিও কয়।”

সমগ্ৰ সমাচাৰ সেৱা 

গুৱাহাটী, ৬ আগষ্ট :অসমত বিধ্বংসী বানৰ সময়ত অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে লণ্ডনত কথক নৃত্য আৰু ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰিছিল।
এই পদক্ষেপক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে—কিছুমানে সমালোচনা, আন কিছুমানে প্ৰশংসা।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সক্ষমতা আৰু আত্মবিশ্বাসৰ কথা উল্লেখ কৰি কয়, বিদেশত সহায় বিচৰা প্ৰয়োজন নাই।
মুখ্যমন্ত্ৰীয়ে বুলিছিল—”অসম চৰকাৰে নিজৰ সামৰ্থ্যত ৰাইজক সহায় কৰিব পাৰে। হাত পতাৰ প্ৰয়োজন নাই।”
অন্যফালে, অভিনেত্ৰী মেঘৰঞ্জনীয়ে ভিডিঅ’ বাৰ্তাত কৈছে—”নিজৰ কলাৰ জৰিয়তে ক্ষুদ্ৰ প্ৰয়াস; সমালোচনাত সময় নষ্ট নকৰে, ক্ষতিগ্ৰস্তৰ বাবে একত্ৰিত হওক।”
তেওঁ কয়—”লণ্ডনত কলা প্ৰদৰ্শনৰ লাইচেঞ্চ আছিল আৰু বিশ্বৰ পৰ্যটকৰ আগত অসমৰ বান পৰিস্থিতি অৱগত কৰাৰ সুযোগ হৈছিল।”
মুঠতে, এই বিষয়টোক লৈ ৰাজ্যজুৰি বিতৰ্ক আৰু আলোচনাই দেশ-বিদেশত অসমক কেন্দ্ৰস্থলত তুলিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *