অসমত ৬ নতুন পৌৰসভা, তিনিখন পৰিষদৰ নিৰ্বাচন নিৰ্দলীয়
-
অসমত ছখন নতুন পৌৰসভা গঠনৰ অনুমোদন।
-
২৩খন নগৰীয়া স্থানীয় নিকায়ৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ড পুনৰ নিৰ্ধাৰণ।
-
মটক, কমতাপুৰ আৰু মৰাণ পৰিষদৰ নিৰ্বাচন নিৰ্দলীয় ভিত্তিত অনুষ্ঠিত হ’ব।
-
পঞ্চায়ত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৯ নৱেম্বৰ: অসমৰ নগৰ প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে ছখন নতুন পৌৰসভা গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে মটক, কমতাপুৰ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচন ৰাজনৈতিক দলৰ অংশগ্ৰহণ অবিহনে অনুষ্ঠিত কৰাৰ বাবেও সংশ্লিষ্ট আইন সংশোধনৰ সিদ্ধান্ত লোৱা হয়।
ছখন নতুন পৌৰসভা গঠন
কেবিনেটৰ সিদ্ধান্ত অনুসৰি লালুক, হাৰমতী-বান্দৰদেৱা, ঘিলামৰা, মাজুলী, উদাৰবন্দ আৰু মিৰ্জা-বিজয়নগৰত নতুন পৌৰসভা গঠন কৰা হ’ব। ইয়াৰ উপৰি ৰাজ্যৰ ২৩খন বৰ্তমানৰ নগৰীয়া স্থানীয় নিকায়ৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ডৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে।
তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্দলীয় ভিত্তিত
মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ সংশোধন কৰি সাধাৰণ পৰিষদৰ নিৰ্বাচন নিৰ্দলীয় ভিত্তিত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰত্যক্ষ অংশগ্ৰহণ নিষিদ্ধ কৰাৰ আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।
পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক বৃদ্ধি
কেবিনেটে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্তও গ্ৰহণ কৰে। নতুন নিৰিখ অনুসৰি জিলা পৰিষদৰ সভাপতিয়ে ১৫ হাজাৰ টকা, উপ-সভাপতিয়ে ১০ হাজাৰ টকা আৰু সদস্যই ৫,৫০০ টকা লাভ কৰিব। একেদৰে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ পাৰিতোষিকো বৃদ্ধি কৰা হৈছে।
কৃষি আৰু শিক্ষাখণ্ডতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কেবিনেটে ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে ১,৫৬৮ বিঘা চৰকাৰী ভূমি আবণ্টনৰ অনুমোদন জনায়। লগতে কৃষকৰ বাবে ৭৫ শতাংশ ৰাজসাহায্যত ২,৩১৩টা কৃষি যন্ত্ৰ বিতৰণৰ সিদ্ধান্ত লোৱা হয়। উচ্চ শিক্ষানুষ্ঠানসমূহত উদ্ভাৱন আৰু ষ্টাৰ্টআপ নীতি ৰূপায়ণৰ বাবেও অনুমোদন দিয়া হৈছে।
এই সিদ্ধান্তসমূহৰ জৰিয়তে নগৰ প্ৰশাসন, কৃষি, শিক্ষা আৰু স্থানীয় স্বায়ত্তশাসনৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে।
