Global Assam News

Global and Local Assam News Website

অসম বাজেট : ব্যৱসায় সহজীকৰণ পৰ্যটন উন্নয়নৰ গুৰুত্বপূর্ণ বিধেয়ক

অসম বাজেট : ব্যৱসায় সহজীকৰণ পৰ্যটন উন্নয়নৰ গুৰুত্বপূর্ণ বিধেয়ক
  • বাজেট অধিবেশনত ছয়টা গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন
  • ক্ষুদ্ৰ উদ্যোগ স্থাপন সহজ, অনুমতি অবিহনে ৩ বছৰৰ সুবিধা
  • পৰ্যটন উদ্যোগ পঞ্জীয়ন আধুনিকীকৰণ আৰু নিয়ম সহজীকৰণ
  • গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেন্ট অথৰিটিৰ খচৰা বিধেয়ক

 সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৯ জুলাই :অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিনা ৰাজ্য চৰকাৰে ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ, পৰ্যটন আৰু নগৰ উন্নয়ন ক্ষেত্ৰত ছয়টা গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন কৰিছে। এই বিধেয়কসমূহৰ উদ্দেশ্য হৈছে উদ্যোগ স্থাপন সহজ কৰা, পৰ্যটন খণ্ডৰ আধুনিকীকৰণ আৰু নগৰীয় পৰিকল্পনাত সংস্কাৰ আনা।

এই ছয়টা বিধেয়কৰ ভিতৰত উল্লেখযোগ্য হৈছে “অসম ক্ষুদ্ৰ, সৰু আৰু মধ্যম উদ্যোগ (স্থাপন আৰু পৰিচালনা সহজীকৰণ) বিধেয়ক, ২০২৬”, য’ত অ-দূষণকাৰী ক্ষুদ্ৰ উদ্যোগক প্ৰথম তিনিবছৰ চৰকাৰী অনুমতি অবিহনে স্থাপন আৰু চলাবলৈ অনুমতি দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কক ক্ষুদ্ৰ উদ্যোগীৰ বাবে এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰে।

“অসম ইজ অফ ডইং বিজনেছ (সংশোধনী) বিধেয়ক, ২০২৬”ৰ জৰিয়তে নতুন উদ্যোগ স্থাপন আৰু বাণিজ্যিক অনুমতি পাই পদ্ধতি অধিক সহজ আৰু স্বচ্ছ কৰাৰ ব্যৱস্থা কৰা হৈছে।

পৰ্যটন খণ্ডৰ আধুনিকীকৰণৰ বাবে “অসম পৰ্যটন (উন্নয়ন আৰু পঞ্জীয়ন) (সংশোধনী) বিধেয়ক, ২০২৬” উত্থাপন কৰা হৈছে। ইয়াত উপনিবেশ যুগৰ সৰাইস আইনৰ অপসাৰণ আৰু নতুন নিয়মৰ অন্তৰ্গত হোটেল, হোম-ষ্টে আদিৰ পঞ্জীয়নৰ আধুনিক ব্যৱস্থা প্ৰস্তাৱিত হৈছে।

“অসম জন বিশ্বাস বিধেয়ক, ২০২৬” নগৰ পৰিকল্পনা, ভূমি পুনঃশ্ৰেণীকৰণ, ছিনেমা হল স্থাপন আদি ক্ষেত্ৰত অনুমতি পদ্ধতি সৰল আৰু দ্রুততর কৰাৰ লক্ষ্য লৈ উত্থাপন কৰা হৈছে। এছাড়াও, “অসম দোকান আৰু প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২৬” আৰু “গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেন্ট অথৰিটি বিধেয়ক, ২০২৬” উত্থাপন কৰা হৈছে।

এই সকলো বিধেয়কক মুঠ মিলি অসমত ব্যাবসায়িক পৰিবেশ উন্নত কৰা আৰু লগত লগত পৰ্যটন, নগৰ উন্নয়ন আৰু উদ্যোগৰ ক্ষেত্ৰত নৱীন সংস্কাৰৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *