অসম-অৰুণাচল সীমান্তত গুলিচালনা
- বেহালী বনাঞ্চলত বন ৰক্ষীৰ ওপৰত গুলিচালনা।
- দুষ্কৃতীয়ে ১৬ ৰাউণ্ড গুলি চলায়।
- উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি।
- আৰক্ষী আৰু বন বিভাগৰ তদন্ত
সমগ্ৰ সমাচাৰ সেৱা
বেহালী ৮ জুলাই : অসম-অৰুণাচল সীমান্তৰ বেহালী বনাঞ্চলত অজ্ঞাত দুষ্কৃতীয়ে বন ৰক্ষীৰ ওপৰত ১৬ ৰাউন্ড গুলি চলায়। এই ঘটনাই অঞ্চলটোত ভীতি আৰু উত্তেজনা সৃষ্টি কৰিছে। বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ মতে, সীমান্তত ভূমি আৰু বনাঞ্চল অধিকাৰৰ বাবে প্ৰায়েই এই ধৰণৰ সংঘাত হয়। এতিয়া আৰক্ষী আৰু বন বিভাগে সুৰক্ষা ব্যৱস্থা অধিক কড়া কৰিছে। ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।
