অসম APSC প্ৰিলিম্সত ৪১,০০০তকৈ অধিক পরীক্ষাৰ্থীৰ অংশগ্ৰহণ
- অসমত ৩৫ জিলাত ৭৪টা কেন্দ্ৰত APSC প্ৰিলিম্স পৰীক্ষা, ৪১,৬৯৫জন পরীক্ষাৰ্থীৰ অংশগ্ৰহণ।
- প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত প্ৰশ্নকাকত প্ৰস্তুত, ইংৰাজীৰ উপৰিও সুবিধা।
- ৭৮টা চৰকাৰী পদত নিযুক্তিৰ বাবে ১১টা সেৱাত পৰীক্ষা।
- পৰীক্ষাৰ উত্তৰ চাবি পৰীক্ষা শেষ হোৱাৰ লগে লগে আপলোড কৰা হৈছে।
- প্ৰথমবাৰৰ বাবে অসমীয়াতো প্রশ্নকাকত
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ৬ জুলাই: অসম পাব্লিক চাৰ্ভিছ কমিশনে (APSC) দেওবাৰে ৰাজ্যৰ ৩৫টা জিলাৰ ৭৪টা কেন্দ্ৰত ২০২৫ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰিলিমিনাৰী) পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰে। ৭৮টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত ৪১,৬৯৫জন পরীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ২৩,২১৮জন পুৰুষ, ১৮,৪৭৩জন মহিলা আৰু ৪জন ট্ৰেন্সজেণ্ডাৰ, লগতে ২৭৮জন PwBD পৰীক্ষাৰ্থী আছিল।
এইবাৰ পৰীক্ষাত অসমীয়া ভাষাতো প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছে, যি প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। ইংৰাজীৰ লগতে অসমীয়াতো প্ৰশ্নকাকত পোৱাৰ সুযোগে ৰাজ্যৰ বহু পৰীক্ষাৰ্থীক সহায় কৰিছে।
এই পৰীক্ষাৰ জৰিয়তে ১১টা সেৱাত নিযুক্তিৰ বাবে ৭৮টা পদ পূৰণ কৰা হ’ব—৪৫টা পদ অসম চিভিল ছাৰ্ভিচ, ৬টা অসম আৰক্ষী, ৩টা জিলা পৰিবহণ, ১টা আবগাৰী সুপাৰিণ্টেণ্ডেণ্ট, ২টা কো-অ’পাৰেটিভ ছচাইটিৰ সহকাৰী ৰেজিষ্ট্ৰাৰ, ২টা অসম নগৰ প্ৰশাসনিক সেৱা, ৫টা লেবাৰ ইন্সপেক্টৰ, ৮টা সহকাৰী নিযুক্তি বিষয়া, ৪টা ছাব-ৰেজিষ্ট্ৰাৰ, ১টা গৱেষণা সহায়ক আৰু ১টা আবগাৰী ইন্সপেক্টৰ পদ।
কমিশনে জানিবলৈ দিছে যে, জিলা আৰু আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ, ডাক বিভাগ, পৌৰ নিগম, APDCL, বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ-শিক্ষকৰ সহযোগিতাত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’ব পাৰিছে। এইবাৰ OMR শ্বীটৰ সৈতে কাৰ্বন কপি দিয়া হৈছিল আৰু পৰীক্ষাৰ provisional answer key সন্ধিয়া অবিলম্বে আপলোড কৰা হৈছে।
