Global Assam News

Global and Local Assam News Website

বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ গভীৰ শোক

বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ গভীৰ শোক
  • গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ প্ৰায় ৬৮ বছৰ বয়সত দেহাৱসান
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমযোগে শোক প্ৰকাশ
  • অসমীয়া চলচ্চিত্ৰ, থিয়েটাৰ আৰু দূৰদৰ্শনত দীঘলীয়া অৱদান
  • শিল্পী, কলা-কুশলী আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

সমগ্র সমাচাৰ সেৱা, গুৱাহাটী, ১৪ জুলাই:
অসমীয়াৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা আজি সন্ধিয়া গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিৰবিদায় লৈ গ’ল। সন্ধিয়া প্ৰায় ৭:৩০ বজাত শৰীৰিক অৱস্থা অৱনতি ঘটাৰ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৮ বছৰ।

কেইবা দশক ধৰি অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন আৰু আকাশবাণীত অনবদ্য অৱদান আগবঢ়াই অহা পূৰৱী শৰ্মাৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যম ফেচবুকযোগে মুখ্যমন্ত্ৰীয়ে লিখিছে, “অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ আকস্মিক আৰু অকাল বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ তেখেতৰ অনন্য অভিনয় আৰু সৃষ্টিৰাজি অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মনত চিৰকাল সজীৱ হৈ থাকিব।”

মুখ্যমন্ত্ৰীয়ে লগতে লগতে লিখিছে, “তেখেতৰ প্ৰয়াণে অসমীয়া শিল্প-সংস্কৃতি জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে। গুণী শিল্পী হিচাপে তেখেত এৰি যোৱা শিল্পসাধনা চিৰদিন অনুপ্ৰাণিত কৰি থাকিব। বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, লগতে তেখেতৰ স্বামী শ্ৰীতপন দাস, পৰিয়াল, সহশিল্পী আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওঁম শান্তি।”

জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে শিল্পী সমাজ, কলা-কুশলী আৰু অগণন অনুৰাগীক শোকাহত কৰিছে। বহু অনুৰাগীয়ে গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *