November 22, 2026

Global Assam News

Global and Local Assam News Website

অসমত ৪৩খন নতুন PG চিকিৎসা আসন, মুঠ ৮৩৯লৈ বৃদ্ধি
  • অসমত ৪৩খন নতুন PG চিকিৎসা আসনৰ অনুমোদন।

  • লখিমপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত আসন বৃদ্ধি।

  • সাতটা ক্লিনিকেল বিভাগত নতুন আসন।

  • ৰাজ্যত মুঠ PG আসনৰ সংখ্যা ৮৩৯লৈ বৃদ্ধি।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৬ নৱেম্বৰ: চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত অসমে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সফলতা। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (NMC) লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত ৪৩খন নতুন স্নাতকোত্তৰ (PG) চিকিৎসা আসনৰ অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ PG চিকিৎসা আসনৰ সংখ্যা ৮৩৯খনলৈ বৃদ্ধি পাইছে।

সাতটা চিকিৎসা শাখাত নতুন আসন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নতুন অনুমোদনৰ কথা প্ৰকাশ কৰে। অনুমোদিত ৪৩খন আসনেই ক্লিনিকেল চিকিৎসা শাখাৰ অন্তৰ্গত।

নতুন আসনসমূহ সাতটা বিভাগত অন্তৰ্ভুক্ত কৰা হৈছে। সেইবোৰ হৈছে জেনেৰেল মেডিচিন, এনাস্থেছিঅ’লজি, পেডিয়াট্ৰিকছ, পেথ’লজি, ৰেডিঅ’-ডায়েগন’ছিছ, জেনেৰেল ছাৰ্জাৰী আৰু অবষ্টেট্ৰিকছ এণ্ড গাইনেক’লজি।

চিকিৎসা শিক্ষাৰ সুযোগ বৃদ্ধি

মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে অসমৰ যুৱ চিকিৎসকসকলক ৰাজ্যৰ ভিতৰতে উচ্চ শিক্ষা আৰু বিশেষজ্ঞ চিকিৎসা প্ৰশিক্ষণ গ্ৰহণৰ অধিক সুযোগ প্ৰদান কৰিব।

নতুন আসন বৃদ্ধিৰ ফলত চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী হোৱাৰ লগতে ভৱিষ্যতে ৰাজ্যখনত বিশেষজ্ঞ চিকিৎসকৰ সংখ্যা বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *