November 22, 2026

Global Assam News

Global and Local Assam News Website

ফিনলেণ্ডত সোণৰ পদক জয় অসমৰ বক্সাৰ অংকুশিতা বড়োৰ
  • ৬৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন।

  • ফাইনেলত ব্ৰিটেইনৰ এল্লা থম্পষ্টোনক ৪-১ত পৰাস্ত।

  • ছেমিফাইনেলত ছুইজাৰলেণ্ডৰ বক্সাৰক ৩-২ত পৰাস্ত।

  • একেৰাহে তিনিখন মেচত জয়লাভ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১ নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত পুনৰ অসমৰ নাম উজলাই তুলিলে বক্সাৰ অংকুশিতা বড়োৱে। ফিনলেণ্ডৰ টাম্পেৰে চহৰত অনুষ্ঠিত ৪৬সংখ্যক International Tammer Tournamentত মহিলাৰ ৬৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ প্ৰতিভাৱান বক্সাৰগৰাকীয়ে।

ফাইনেলত ব্ৰিটেইনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

১ নৱেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত অংকুশিতাই গ্ৰেট ব্ৰিটেইনৰ এল্লা থম্পষ্টোনক ৪-১ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ হেজিয়েল ছাণ্টোছক ৪-১ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

ছেমিফাইনেলত ছুইজাৰলেণ্ডৰ আন্না জেনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৩-২ ব্যৱধানত জয়লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল অংকুশিতাই।

অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ নতুন গৌৰৱ

টুৰ্ণামেণ্টখনত একেৰাহে তিনিখন মেচত জয়লাভ কৰি অংকুশিতাই নিজৰ দক্ষতা আৰু দৃঢ় মনোবলৰ পৰিচয় দিছে। ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতৰ হৈ ১৪জনীয়া বক্সিং দলে অংশগ্ৰহণ কৰিছিল।

অংকুশিতা বড়োৰ এই সফলতাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ নতুন গৌৰৱ কঢ়িয়াই অনাৰ লগতে ৰাজ্যখনৰ উদীয়মান বক্সাৰসকলকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *