November 23, 2026

Global Assam News

Global and Local Assam News Website

অসমত পৰিভ্ৰমী চৰাইৰ সুৰক্ষাত ‘অতিথি দেৱো ভৱ’ অভিযান
  • অসমত ছমহীয়া চৰাই সংৰক্ষণ অভিযান আৰম্ভ।

  • নৱেম্বৰ ২০২৬ৰ পৰা এপ্ৰিল ২০২৭লৈ চলিব অভিযান।

  • চৰাই হত্যা ৰোধ কৰিবলৈ ৰাইজক আহ্বান।

  • ‘চাকৈ চকোৱা’ক অভিযানৰ প্ৰতীক হিচাপে নিৰ্বাচন।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ২৩ নৱেম্বৰ: শীতকালত অসমলৈ অহা পৰিভ্ৰমী চৰাইসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি ছমহীয়া সংৰক্ষণ অভিযান আৰম্ভ কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্ছ বেকনে। ‘অতিথি দেৱো ভৱ’ শীৰ্ষক এই অভিযান ২০২৬ চনৰ নৱেম্বৰৰ পৰা ২০২৭ চনৰ এপ্ৰিললৈ চলিব।

চৰাইক অতিথি হিচাপে আদৰাৰ আহ্বান

গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই কয় যে অসমলৈ অহা প্ৰতিটো পৰিভ্ৰমী চৰাই আমাৰ অতিথি। ভাৰতীয় পৰম্পৰা অনুসৰি অতিথিক দেৱতাৰূপে গণ্য কৰাৰ দৰে এই চৰাইসমূহকো সন্মান আৰু সুৰক্ষা প্ৰদান কৰিব লাগে।

তেওঁ পৰিভ্ৰমী চৰাই হত্যা কৰা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে কাৰ্য সংঘটিত হোৱা দেখিলে নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিবলৈ ৰাইজক আহ্বান জনায়।

ৰাইজৰ সহযোগিতাৰে সংৰক্ষণৰ লক্ষ্য

অভিযানৰ অংশ হিচাপে অসমৰ পাহাৰ, উপত্যকা, নদ-নদী, জলাশয়, ঘাঁহনি আৰু গাঁও-চহৰসমূহত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। বিশেষকৈ বনাঞ্চল, নদী আৰু জলাশয়ৰ কাষত বসবাস কৰা লোকসকলক চৰাইৰ সুৰক্ষাৰ ক্ষেত্ৰত দায়িত্ব ল’বলৈ আহ্বান জনোৱা হৈছে।

এই অভিযানৰ প্ৰতীক হিচাপে ‘চাকৈ চকোৱা’ বা ‘ৰাম কং’ নামেৰে পৰিচিত ৰাডী শ্বেলডাক চৰাইটোক নিৰ্বাচন কৰা হৈছে। শীতকালত হিমালয়ৰ উচ্চ অঞ্চলৰ পৰা এই চৰাই ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকালৈ আহে।

উল্লেখযোগ্য যে নেচাৰ্ছ বেকোনে ১৯৮২ চনৰ পৰাই অসমত বনৰীয়া চৰাই সংৰক্ষণ অভিযান চলাই আহিছে। নতুন পদক্ষেপৰ জৰিয়তে ৰাজ্যখনৰ পৰিভ্ৰমী আৰু থলুৱা চৰাইৰ সুৰক্ষাত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *