November 21, 2026

Global Assam News

Global and Local Assam News Website

কাছাৰত ২২ টন সাৰ জব্দ, দুজন গ্ৰেপ্তাৰ
  • কাছাৰত ২২ মেট্ৰিক টন ইউৰিয়া সাৰ জব্দ।

  • মুঠ ৫১১ বস্তা সাৰ উদ্ধাৰ।

  • পশ্চিমবংগৰ দুজন লোক গ্ৰেপ্তাৰ।

  • মিজোৰামলৈ অবৈধ সৰবৰাহৰ চেষ্টা বিফল।

সমগ্ৰ সমাচাৰ সেৱা 

কাছাৰ,২১ নৱেম্বৰ:অসমৰ কাছাৰ জিলাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২২ মেট্ৰিক টন ৰাজসাহায্যপ্ৰাপ্ত ইউৰিয়া সাৰ জব্দ কৰিছে। ৰাজ্যৰ কৃষকৰ বাবে আবণ্টিত এই সাৰ অবৈধভাৱে অসমৰ বাহিৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে। ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিমখৰ বস্তাৰ আঁৰত লুকুৱাই সৰবৰাহৰ চেষ্টা

আৰক্ষীৰ সূত্ৰ অনুসৰি, কাছাৰ জিলাৰ ডিগৰখাল তালাচী চকীত গোপন তথ্যৰ ভিত্তিত এখন ১৪ চকীয়া ট্ৰাকত তালাচী চলোৱা হয়। পশ্চিমবংগৰ পৰা মিজোৰাম অভিমুখে গৈ থকা ট্ৰাকখনৰ পৰা ৫১১ বস্তা ইউৰিয়া সাৰ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ চকুত ধূলি দিবলৈ সাৰৰ বস্তাসমূহ নিমখৰ বস্তাৰ আঁৰত লুকুৱাই ৰখা হৈছিল বুলি জানিব পৰা গৈছে।

দুজনক গ্ৰেপ্তাৰ, তদন্ত অব্যাহত

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকখনৰ চালক দীনেশ ৰয় আৰু সহায়ক সুকুমাৰ মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োজনৰে ঘৰ পশ্চিমবংগত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

জব্দ কৰা সাৰখিনি চৰকাৰী ৰাজসাহায্যপ্ৰাপ্ত বুলি সন্দেহ কৰা হৈছে। এই সাৰৰ উৎস, সৰবৰাহৰ আঁৰৰ লোক আৰু ইয়াৰ নিৰ্ধাৰিত গ্ৰাহকৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীৰ এই অভিযানক প্ৰশংসা কৰি ৰাজ্যৰ কৃষকৰ বাবে আবণ্টিত সাৰ অবৈধভাৱে সৰবৰাহ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *