November 22, 2026

Global Assam News

Global and Local Assam News Website

অসম–EU সম্পৰ্কত চাহ, বাণিজ্য আৰু পৰ্যটনত গুৰুত্ব: মুখ্যমন্ত্ৰী
  • ভাৰত–EU মুক্ত বাণিজ্য চুক্তি।

  • চাহ, বাণিজ্য আৰু পৰ্যটনত বিশেষ গুৰুত্ব।

  • EU ৰাষ্ট্ৰদূত জিন-এৰিক পাকেৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক।

  • ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে সহযোগিতা বৃদ্ধিৰ লক্ষ্য।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৬ নৱেম্বৰ: ভাৰত আৰু ইউৰোপীয় সংঘৰ (EU) মাজত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাবে চাহ, বাণিজ্য আৰু পৰ্যটন খণ্ডই বিশেষ গুৰুত্ব লাভ কৰিব। সোমবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইউৰোপীয় সংঘৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত জিন-এৰিক পাকেৰ সৈতে হোৱা বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈঠকত অসম আৰু ইউৰোপীয় দেশসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।

ইউৰোপীয় বজাৰত অসমৰ সম্ভাৱনা

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পৰ্ক বহুমুখী আৰু ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ ফলত এই সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিব। অসমৰ চাহ উদ্যোগ, বাণিজ্য আৰু পৰ্যটন খণ্ডত ইউৰোপীয় বজাৰৰ সৈতে সহযোগিতা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।

ব্লু ভেলী ক্লাষ্টাৰক বিশেষ গুৰুত্ব

এই সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ ব্লু ভেলী ক্লাষ্টাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আনহাতে, ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম ভ্ৰমণকালত ৰাজ্যৰ বিষয়ববীয়া, শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ জৰিয়তে ইউৰোপীয় বজাৰত অসমৰ সামগ্ৰীৰ প্ৰৱেশ আৰু বিনিয়োগৰ নতুন সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *