ছট পূজাক লৈ গুৱাহাটীত যান-বাহনৰ নতুন নিৰ্দেশনা
-
১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা যান-বাহনৰ বিশেষ নিৰ্দেশনা।
-
এম জি ৰোডৰ নিৰ্দিষ্ট অংশত বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ।
-
চিটী বাছ আৰু এ এছ টি চি বাছৰ পথ সলনি।
-
লাচিত ঘাটসহ কেইবাটাও স্থানত পাৰ্কিঙৰ ব্যৱস্থা।
সমগ্ৰ সমাচাৰ সেৱা
গুৱাহাটী, ১৫ নৱেম্বৰ: ছট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই। ১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ এই নিৰ্দেশনা কাৰ্যকৰী হৈ থাকিব। পূজাৰ সময়ছোৱাত ভক্তৰ সমাগম বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এম জি ৰোডত বাহনৰ চলাচলত নিষেধাজ্ঞা
নিৰ্দেশনা অনুসৰি, মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ আৱাসগৃহৰ পইণ্টলৈকে এম জি ৰোডৰ নিৰ্দিষ্ট অংশত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন, হাতগাড়ী, ৰিক্সা আৰু ঘোঁৰাগাড়ীৰ চলাচল নিষিদ্ধ কৰা হৈছে। অৱশ্যে পূজাৰ সামগ্ৰী কঢ়িওৱা বাহনক ৰেহাই দিয়া হ’ব।
খানাপাৰাৰ পৰা ভৰলুমুখ অভিমুখী চিটী বাছ আৰু এ এছ টি চি বাছসমূহে জি এছ ৰোড আৰু এ টি ৰোড হৈ চলাচল কৰিব লাগিব। আনহাতে, জালুকবাৰীৰ পৰা অহা বাছসমূহক মাছখোৱাত পথ সলনি কৰি এ টি ৰোড আৰু এইচ বি ৰোডৰ দিশে পঠিওৱা হ’ব। জালুকবাৰীৰ পৰা অহা গধুৰ বাহন আৰু আন্তঃজিলা বাছৰ মহানগৰীত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
নিৰ্দিষ্ট স্থানত পাৰ্কিং, কেইবাটাও পথত নিষেধাজ্ঞা
ভক্তসকলৰ বাহন পাৰ্কিঙৰ বাবে লাচিত ঘাট, লক্ষী গলি, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এম জি ৰোডৰ নিৰ্দিষ্ট অংশত ব্যৱস্থা কৰা হৈছে। সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো বাহন পাৰ্কিং কৰিব পাৰিব।
ইয়াৰ বিপৰীতে এম জি ৰোড, এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টি আৰ পি ৰোডত পাৰ্কিং নিষিদ্ধ কৰা হৈছে। লগতে ১৫ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা পূজাৰ ধৰ্মীয় কাৰ্যসূচী সম্পূৰ্ণ নোহোৱালৈকে এ টি ৰোডৰ নদীৰ পাৰৰ অংশত বাহন ৰখাব নোৱাৰিব।
মহানগৰ আৰক্ষীয়ে যাত্ৰী আৰু ভক্তসকলক নিৰ্ধাৰিত পথ অনুসৰণ কৰাৰ লগতে যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
