November 22, 2026

Global Assam News

Global and Local Assam News Website

মিজোৰামৰ প্ৰথম অৰ্জুন বঁটাপ্ৰাপক লালৰেমছিয়ামি
  • মিজোৰামৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ।

  • ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বঁটা গ্ৰহণ।

  • টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব।

  • এছিয়ান গেমছ আৰু এছিয়ান চেম্পিয়নছ ট্ৰফীত পদক অৰ্জন।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১৩ নৱেম্বৰ:মিজোৰামৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিলে ভাৰতীয় মহিলা হকী খেলুৱৈ তথা অলিম্পিয়ান লালৰেমছিয়ামি হমাৰে। ৰাজ্যখনৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে তেওঁ সন্মানীয় অৰ্জুন বঁটা লাভ কৰি ইতিহাস সৃষ্টি কৰিছে।

শুকুৰবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই বঁটা প্ৰদান কৰে। ২০২৫ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত ১৭গৰাকী খেলুৱৈৰ ভিতৰত লালৰেমছিয়ামিও আছিল।

সৰুৰে পৰা হকীৰ প্ৰতি আগ্ৰহ

মিজোৰামৰ কোলাছিব জিলাৰ বাসিন্দা ২৬ বছৰীয়া লালৰেমছিয়ামিয়ে কম বয়সতে হকী খেলিবলৈ আৰম্ভ কৰিছিল। ২০১১ চনত তেওঁ থেনজাৱলৰ ৰাজ্যিক হকী একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ২০১৬ চনত নতুন দিল্লীৰ নেচনেল হকী একাডেমীত যোগদান কৰে।

২০১৭ চনত তেওঁ ভাৰতীয় জ্যেষ্ঠ মহিলা হকী দলত স্থান লাভ কৰে আৰু সেই বছৰতে এছিয়া কাপ বিজয়ী ভাৰতীয় দলৰ সদস্য আছিল।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল সফলতা

২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি তেওঁ বিশেষ পৰিচয় লাভ কৰে। ইয়াৰ উপৰি ২০২২ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক, ২০২৩ আৰু ২০২৪ চনত এছিয়ান চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰো সদস্য আছিল।

তেওঁৰ এই সাফল্যই মিজোৰামৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *