November 22, 2026

Global Assam News

Global and Local Assam News Website

টেঙাখাতৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ২৫ লাখ
  • নিহত প্ৰতিগৰাকী শ্ৰমিকৰ পৰিয়াললৈ ২৫ লাখ টকাৰ সাহায্য।

  • টেঙাখাতৰ অগ্নিকাণ্ডত ছয়গৰাকী শ্ৰমিকৰ মৃত্যু।

  • ঠিকাদাৰী প্ৰতিষ্ঠানৰ ১০ লাখ টকাৰ সাহায্য ঘোষণা।

  • অগ্নিকাণ্ডৰ তদন্তৰ বাবে আভ্যন্তৰীণ সমিতি গঠন।

সমগ্ৰ সমাচাৰ সেৱা

ডিব্ৰুগড়, ১১ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) প্ৰতিষ্ঠানত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত নিহত শ্ৰমিকসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্যৰ পৰিমাণ ১০ লাখৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিছে অইল ইণ্ডিয়াই। বুধবাৰে প্ৰতিষ্ঠানটোৱে এই ঘোষণা কৰে।

ছয়গৰাকী শ্ৰমিকৰ মৃত্যুৰ পিছতে সিদ্ধান্ত

যোৱা ৬ নৱেম্বৰত টেঙাখাতৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম (ITF)ত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মুঠ ছয়গৰাকী শ্ৰমিকৰ মৃত্যু হয়। অগ্নিকাণ্ডটো প্ৰতিষ্ঠানটোৰ Indirect Bath Heater অঞ্চলত মেৰামতিৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছিল।

সৰ্বশেষে ১০ নৱেম্বৰত গোলাপ দত্ত আৰু কুমুদ গগৈ নামৰ দুগৰাকী আহত শ্ৰমিকে চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰাত মৃতকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পায়।

আহত শ্ৰমিকৰ চিকিৎসাৰ ব্যৱস্থা

অইল ইণ্ডিয়াই পূৰ্বে প্ৰতিগৰাকী নিহত শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ টকা আৰু আহতসকললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছিল। শেহতীয়া সিদ্ধান্ত অনুসৰি নিহতসকলৰ পৰিয়ালে এতিয়া ২৫ লাখ টকাকৈ লাভ কৰিব।

ইফালে, শ্ৰমিকসকলক নিয়োগ কৰা মুম্বাইস্থিত ঠিকাদাৰী প্ৰতিষ্ঠান Spectron Engineers Private Limited-য়েও প্ৰতিগৰাকী নিহত শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ আৰু আহত শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।

আনহাতে, দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধানৰ বাবে অইল ইণ্ডিয়াই আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰাৰ লগতে ঘটনাস্থলীৰ দায়িত্বত থকা চাৰিগৰাকী বিষয়াক নিলম্বন কৰিছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *