November 21, 2026

Global Assam News

Global and Local Assam News Website

গুৱাহাটীত ১৪ নৱেম্বৰৰ পৰা প্ৰিমিয়াৰ স্কুলছ এক্সিবিশ্যন
  • ১৪ আৰু ১৫ নৱেম্বৰত গুৱাহাটীত প্ৰদৰ্শনী।

  • ভিভাণ্টা গুৱাহাটীত অনুষ্ঠিত হ’ব অনুষ্ঠান।

  • ২০খনৰো অধিক আগশাৰীৰ বিদ্যালয়ৰ অংশগ্ৰহণ।

  • অভিভাৱকৰ বাবে বিনামূলীয়া প্ৰৱেশ আৰু নামভৰ্তিৰ পৰামৰ্শ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১০ নৱেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অভিভাৱকসকলক দেশৰ আগশাৰীৰ আৱাসিক আৰু আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়সমূহৰ বিষয়ে জানিবলৈ সুবিধা প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীত পুনৰ অনুষ্ঠিত হ’ব ‘প্ৰিমিয়াৰ স্কুলছ এক্সিবিশ্যন’ (Premier Schools Exhibition)। অহা ১৪ আৰু ১৫ নৱেম্বৰত খানাপাৰাস্থিত ভিভাণ্টা গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

Afairs Exhibitions & Media Pvt. Ltd.-ৰ উদ্যোগত আয়োজিত এইবাৰৰ ২৩ সংখ্যক বাৰ্ষিক প্ৰদৰ্শনীত দেশৰ ২০খনৰো অধিক আগশাৰীৰ আৱাসিক আৰু আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ে অংশগ্ৰহণ কৰিব। প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

একেখন মঞ্চতে দেশৰ আগশাৰীৰ বিদ্যালয়

এই প্ৰদৰ্শনীত CBSE, ICSE, IB আৰু Cambridge পাঠ্যক্ৰমৰ অধীনত শিক্ষা প্ৰদান কৰা বিভিন্ন বিদ্যালয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে অভিভাৱকসকলে বিভিন্ন বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা, শিক্ষণ পদ্ধতি, আৱাসিক সুবিধা, আন্তঃগাঁথনি আৰু সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ বিষয়ে পোনপটীয়াকৈ জানিব পাৰিব।

লগতে বিদ্যালয়সমূহৰ অধ্যক্ষ, নামভৰ্তি বিভাগৰ বিষয়ববীয়া আৰু শিক্ষা বিশেষজ্ঞসকলৰ সৈতে মত বিনিময়ৰ সুবিধাও থাকিব।

নামভৰ্তিৰ পৰামৰ্শ আৰু বিনামূলীয়া প্ৰৱেশ

প্ৰদৰ্শনীখনত অভিভাৱকসকলৰ বাবে বিশেষ পৰামৰ্শ সেৱা, নামভৰ্তিৰ আবেদন আৰু বিদ্যালয়ৰ মাচুল সম্পৰ্কীয় তথ্য লাভৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে নিজৰ সন্তানৰ বাবে উপযুক্ত বিদ্যালয় নিৰ্বাচন কৰাত অভিভাৱকসকল সহায়ক হ’ব।

আয়োজকসকলৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰিয়ালসমূহে দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ বিষয়ে একেখন মঞ্চতে জানিবলৈ এই প্ৰদৰ্শনীয়ে বিশেষ সুযোগ প্ৰদান কৰিব। প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া যদিও অংশগ্ৰহণৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *