November 22, 2026

Global Assam News

Global and Local Assam News Website

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ দুই শিশুৰ মৃত্যু

কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ দুই শিশুৰ মৃত্যু
  • কলিয়াবৰত দুই শিশুৰ কৰুণ মৃত্যু।

  • ১১ হাজাৰ ভল্টৰ বিদ্যুৎ তাঁৰত লাগি দুৰ্ঘটনা।

  • বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ।

  • আটছা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১০ নৱেম্বৰ: নগাঁও জিলাৰ কলিয়াবৰৰ অঞ্জুকপানী পুঠিজুৰি চাহ বাগিচাত ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাবটি লয় দুটি শিশুৱে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

মৃত শিশু দুটিক অঞ্জুকপানী ৪ নম্বৰ লাইন চাহ বাগিচাৰ বাসিন্দা ৭ বছৰীয়া ভিকি মুণ্ডা আৰু পুঠিজুৰি বস্তিৰ ১০ বছৰীয়া ক্ৰিছ লাক্ৰা বুলি চিনাক্ত কৰা হৈছে।

উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি, চাহ বাগিচাৰ ভিতৰত থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল উন্মুক্ত অৱস্থাত আছিল। সেই তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে দুয়োটা শিশুৰ থিতাতে মৃত্যু হয়। জনবসতিপূৰ্ণ অঞ্চলত এনেদৰে বিপজ্জনক বিদ্যুৎ পৰিবাহী তাঁৰ উন্মুক্ত হৈ থকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু মৃত শিশুৰ পৰিয়ালৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। বিদ্যুৎ বিভাগৰ গাফিলতি আৰু বৈদ্যুতিক ব্যৱস্থাৰ সঠিক ৰক্ষণাবেক্ষণৰ অভাৱক এই দুৰ্ঘটনাৰ বাবে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইফালে, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে অঞ্জুকপানীত প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ বাবে দায়ী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ বিপজ্জনক বিদ্যুৎ সংযোগসমূহ সুৰক্ষিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *