November 22, 2026

Global Assam News

Global and Local Assam News Website

৩০ নৱেম্বৰত মিচিং পৰিষদৰ নিৰ্বাচন
  • ৩০ নৱেম্বৰত ৪০টা সমষ্টিত ভোটগ্ৰহণ।

  • ১০ নৱেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

  • মুঠ ভোটদাতা ৬,৩৫,৪৯৩গৰাকী।

  • ৩ ডিচেম্বৰত ভোটগণনা।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ৪ নৱেম্বৰ: অসমৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ (MAC) ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। সেই অনুসৰি, অহা ৩০ নৱেম্বৰত পৰিষদখনৰ ৪০টা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব।

১০ নৱেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি, ৩ নৱেম্বৰৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১০ নৱেম্বৰ। ১২ নৱেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ নৱেম্বৰ। একেদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।

৩০ নৱেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব। প্ৰয়োজন হ’লে ১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু ৫ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

৬.৩৫ লাখৰো অধিক ভোটদাতাই সাব্যস্ত কৰিব ভোটাধিকাৰ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিত মুঠ ৬,৩৫,৪৯৩গৰাকী ভোটদাতা আছে। ইয়াৰে ৩,১৭,২৯৭গৰাকী পুৰুষ, ৩,১৮,১৯৪গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা। নিৰ্বাচনৰ বাবে মুঠ ১,০৩২টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

৪০টা সমষ্টিৰ ভিতৰত ২৮টা অনুসূচিত জনজাতিৰ বাবে, সাতটা মহিলাৰ বাবে সংৰক্ষিত আৰু পাঁচটা অসংৰক্ষিত সমষ্টি হিচাপে ৰখা হৈছে। নিৰ্বাচন আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা দুই লাখ টকা নিৰ্ধাৰণ কৰিছে।

এই নিৰ্বাচনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী কাৰ্যকালৰ প্ৰতিনিধি নিৰ্বাচন কৰিব।

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *