November 22, 2026

Global Assam News

Global and Local Assam News Website

শিৱসাগৰত অ’এনজিচিৰ বিস্ফোৰণ, ক’লা ধোঁৱাত আতংক
  • শিৱসাগৰৰ নামতি অঞ্চলত বিস্ফোৰণ।

  • ঘন ক’লা ধোঁৱাই আৱৰি ধৰিলে অঞ্চলটো।

  • কৃষিভূমি, পশুধন আৰু জনস্বাস্থ্যক লৈ উদ্বেগ।

  • নিৰাপত্তা আৰু বিস্ফোৰণৰ কাৰণ স্পষ্ট কৰাৰ দাবী।

সমগ্ৰ সমাচাৰ সেৱা

গুৱাহাটী, ১ নৱেম্বৰ: শিৱসাগৰ জিলাৰ নামতি অঞ্চলত অ’এনজিচিৰ (ONGC) বিস্ফোৰণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে। বিস্ফোৰণৰ পিছতে আকাশলৈ বিয়পি পৰা ঘন ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰাৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

দুদিন ধৰি বিস্ফোৰণ আৰু ক’লা ধোঁৱাৰ অভিযোগ

প্ৰাপ্ত তথ্য অনুসৰি, নাজিৰাৰ গৰখীয়া নগৰ আৰু ঐতিহাসিক ধোদৰ আলিৰ সমীপত অ’এনজিচিৰ দ্বাৰা সংঘটিত বিস্ফোৰণৰ ফলত যোৱা দুদিন ধৰি অঞ্চলটোত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, ব্যৱহাৰৰ অনুপযোগী হৈ পৰা বিস্ফোৰক সামগ্ৰী নিষ্ক্ৰিয় কৰাৰ সময়ত এই বিস্ফোৰণ সংঘটিত কৰা হৈছে।

বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ঘন ক’লা ধোঁৱাই আকাশ ছানি ধৰাৰ লগতে ওচৰ-পাজৰৰ ঘৰ-দুৱাৰ, কৃষিভূমি আৰু পশুধনৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে বাসিন্দাসকলে।

নিৰাপত্তা আৰু পৰিৱেশ প্ৰদূষণক লৈ উদ্বিগ্ন ৰাইজ

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে যে বিস্ফোৰণৰ বিষয়ে তেওঁলোকক আগতীয়াকৈ কোনো তথ্য দিয়া হোৱা নাছিল। অঞ্চলটোত ৰঙা পতাকা লগোৱা হৈছে যদিও শিশু আৰু পশুধনৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ জনবসতিপূৰ্ণ অঞ্চলৰ ওচৰত এনে বিস্ফোৰণ সংঘটিত কৰাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ, অ’এনজিচিৰ অনুমোদন আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত স্পষ্ট তথ্য প্ৰকাশ কৰিবলৈ স্থানীয় বাসিন্দাসকলে কৰ্তৃপক্ষক দাবী জনাইছে।

ইফালে, ঘটনাটোৰ ফলত কোনো লোক হতাহত হৈছে নে নাই, সেই সন্দৰ্ভত এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে আনুষ্ঠানিক তথ্য উপলব্ধ হোৱা নাই।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *