September 20, 2026

Global Assam News

Global and Local Assam News Website

জুবিন দিৱসত স্মৰণ অসমৰ প্ৰিয় শিল্পীক
  •  জুবিন দিৱসত জুবিন ক্ষেত্ৰত ব্যাপক অনুৰাগীৰ সমাগম।
  • ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি, ৰক্তদান আৰু সাংস্কৃতিক কাৰ্যসূচী।
  • ২,৬০০ শিক্ষাৰ্থীৰ ‘দিয়া ঘূৰাই দিয়া’ পৰিৱেশন।
  • মৃত্যু বাৰ্ষিকীত জুবিনৰ নতুন গীত মুকলি।

সমগ্ৰ সমাচাৰ সেৱা

অসম, ১৯ ছেপ্টেম্বৰ: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শনিবাৰে সমগ্ৰ অসমতে আবেগ আৰু শ্ৰদ্ধাৰে পালন কৰা হয় ‘জুবিন দিৱস’। গুৱাহাটীস্থিত জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অনুৰাগীৰ ব্যাপক সমাগম ঘটে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ফুল, গামোচা আৰু জুবিনৰ গীতৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰে।

জুবিন ক্ষেত্ৰ অভিমুখী পথত দিনটোৰ ভিতৰতে ব্যাপক যানজঁটৰ সৃষ্টি হয়। তীব্ৰ গৰমকো নেওচি বহু লোক জুবিন ক্ষেত্ৰত উপস্থিত হয়।

ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি আৰু ৰক্তদান

জুবিন দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি, সাংস্কৃতিক অনুষ্ঠান, শোভাযাত্ৰা, বৃক্ষৰোপণ আৰু ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত প্ৰায় ২,৬০০ শিক্ষাৰ্থীয়ে জুবিনৰ জনপ্ৰিয় গীত ‘দিয়া ঘূৰাই দিয়া’ পৰিৱেশন কৰে।

মঙ্গলদৈ আৰু খুমটাইতো জুবিনৰ গীতৰ সৈতে শোভাযাত্ৰা উলিওৱা হয়। শিৱসাগৰত বিনামূলীয়া ই-ৰিক্সা সেৱাৰ ব্যৱস্থা কৰাৰ লগতে চাবুৱা চাৰিআলিত কেইবাগৰাকীও অনুৰাগীয়ে মূৰ খুৰাই জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। দিল্লীতো অসমীয়া সংগঠনসমূহে বৃক্ষৰোপণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জুবিনৰ স্মৃতিত ৰাজ্যজুৰি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।

নতুন গীতত পুনৰ উভতিল জুবিনৰ কণ্ঠ

জুবিনৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাই গায়ক অংগৰাগ ‘পাপন’ মহন্তই জুবিন গাৰ্গৰ পূৰ্বে প্ৰকাশ নোহোৱা ‘আতি নহয়, দুতি নহয়’ শীৰ্ষক গীত মুকলি কৰে। গীতটো ‘চিলা’ এলবামৰ অংশ।

জুবিনৰ মৃত্যুৰ পাছত তেওঁৰ গীতৰ শ্ৰোতাৰ সংখ্যাও বৃদ্ধি পোৱা বুলি Chartmetric-ৰ তথ্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে। ইউটিউব আৰু Spotify-ত তেওঁৰ গীতৰ জনপ্ৰিয়তা মৃত্যুৰ পাছতো উল্লেখযোগ্যভাৱে বৃদ্ধি পায়।

১৯৯০ৰ দশকৰ আৰম্ভণিৰ পৰা সংগীত জগতত যাত্ৰা আৰম্ভ কৰা জুবিনে গায়ক, সুৰকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হিচাপে অসমীয়া সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছিল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *