September 20, 2026

Global Assam News

Global and Local Assam News Website

নগাঁৱত বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ

সমগ্ৰ সমাচাৰ সেৱা

নগাঁৱত বাৰ্মিজ চিগাৰেটৰ বিৰুদ্ধে অভিযান

নগাঁও, ১১ ছেপ্টেম্বৰ: নগাঁও জিলাৰ মাজেৰে অবৈধ গৰু, ড্ৰাগছ আৰু বাৰ্মিজ চুপাৰি সৰবৰাহৰ পিছত এইবাৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। বিগত কেইদিন ধৰি নগাঁৱৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বাৰ্মিজ চিগাৰেট সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বৰঘাট আৰক্ষীয়ে নিশা অবৈধ চিগাৰেট সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে চাৰিলেনযুক্ত বৰঘাট বাইপাছত ট্ৰাকখনৰ পিছ লয় আৰু ননৈৰ ওচৰত NH-36ত ট্ৰাকখন আটক কৰিবলৈ সক্ষম হয়।

৫.৮২ লাখ ষ্টিক চিগাৰেট জব্দ

আৰক্ষীয়ে ট্ৰাকখন তালাচী চলাই ৫,৮২,০০০ ষ্টিক বাৰ্মিজ চিগাৰেট জব্দ কৰে। জব্দকৃত চিগাৰেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা বুলি জানিব পৰা গৈছে।

চিগাৰেট সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তাপস বিশ্বাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 03 AC 7700।

চালকৰ পলায়ন, তদন্ত অব্যাহত

অভিযানৰ সময়ত ট্ৰাকখনৰ চালকজন আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে গ্ৰেপ্তাৰ কৰা তাপস বিশ্বাসক জেৰা কৰি আৰক্ষীয়ে চিগাৰেট সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধান চলাইছে।

ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *