September 20, 2026

Global Assam News

Global and Local Assam News Website

অসমত দুটা NIA আদালত ৪ সপ্তাহৰ ভিতৰত কাৰ্যক্ষম কৰাৰ নিৰ্দেশ

অসমত দুটা NIA আদালত ৪ সপ্তাহৰ ভিতৰত কাৰ্যক্ষম কৰাৰ নিৰ্দেশ
  • NIA আদালত
  • উচ্চতম ন্যায়ালয়
  • অসম
  • NDPS গোচৰ

 

সমগ্ৰ সমাচাৰ সেৱা

নতুন দিল্লী,৯  ছেপ্টেম্বৰ : অসমত প্ৰস্তাৱিত দুটা বিশেষ NIA আদালত চাৰি সপ্তাহৰ ভিতৰত কাৰ্যক্ষম কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। গুৰুতৰ অপৰাধৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষ ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত আদালতে গুৰুত্ব আৰোপ কৰে।

NDPS গোচৰৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে দেশত NDPS আইনৰ অধীনত গোচৰৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে।

অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্যা ভাটীয়ে আদালতক জনায় যে দেশজুৰি NDPS গোচৰৰ বাবে ৪৪৯খন বিশেষ আদালতৰ প্ৰয়োজন। ইয়াৰে ১৭৬খন ইতিমধ্যে কাৰ্যক্ষম হৈ আছে।

দেশত NIAৰ মুঠ ২২খন বিশেষ আদালত

আদালতখনে বাকী বিশেষ আদালতসমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰদান কৰি ছয় সপ্তাহৰ ভিতৰত কাৰ্যক্ষম কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সম্ভৱপৰ সকলো পদক্ষেপ ল’বলৈ কয়।

NIA গোচৰৰ বিচাৰৰ বাবে দেশত নতুনকৈ আঠখন বিশেষ আদালত স্থাপন কৰা হৈছে। ইয়াৰ ফলত দেশজুৰি এনে বিশেষ আদালতৰ সংখ্যা ২২খনলৈ বৃদ্ধি পাইছে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *