মাওখানু ফুটবল ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মন্ত্ৰী ৱাইলাডৰ
সমগ্ৰ সমাচাৰ সেৱা
শ্বিলং, ৪ ছেপ্টেম্বৰ: মেঘালয়ৰ নিউ শ্বিলঙৰ মাওখানুত নিৰ্মীয়মাণ ৪০ হাজাৰ আসনবিশিষ্ট ফুটবল ষ্টেডিয়ামটো ২০২৮ চনৰ দ্বিতীয়াৰ্ধত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বুধবাৰে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি এই কথা জানিবলৈ দিয়ে ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ৱাইলাডমিখি শ্যেলাই।
মাওখানু গাঁৱত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰায় ৭৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণাধীন প্ৰকল্পটোৰ অগ্ৰগতি পৰ্যালোচনা কৰে। তেওঁ প্ৰকল্পটোৰ সৈতে জড়িত অভিযন্তা আৰু স্থপতিসকলৰ সৈতেও মত বিনিময় কৰে।
FIFA-AFCৰ মানদণ্ডত নিৰ্মাণ
শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত ষ্টেডিয়ামটো FIFA আৰু Asian Football Confederation (AFC)-ৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল মেচ অনুষ্ঠিত কৰাৰ লক্ষ্য ৰখা হৈছে।
মেঘালয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা এই ক্ৰীড়া প্ৰকল্পটো কেৱল ফুটবল ষ্টেডিয়ামতে সীমাবদ্ধ নাথাকিব। ইয়াত প্ৰাকৃতিক ঘাঁহৰ ফুটবল খেলপথাৰ, প্ৰশিক্ষণৰ সুবিধা আৰু NorthEast United FC-ৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এখন ফুটবল একাডেমী থাকিব।
থাকিব আধুনিক ক্ৰীড়া সুবিধা
প্ৰস্তাৱিত ক্ৰীড়া কমপ্লেক্সটোত জিমনেছিয়াম, ছুইমিং পুল, টেনিছ আৰু স্কোৱাছ ক’ৰ্ট, ক্লাবহাউছ, ৰেস্তোৰাঁ আৰু জনসাধাৰণৰ বাবে মুকলি স্থানৰো ব্যৱস্থা থাকিব।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক নিৰ্মাণকাৰ্য আৰু প্ৰস্তাৱিত সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়। তেওঁ প্ৰকল্পস্থলীত থকা শ্বুটিং ৰেঞ্জটোও পৰিদৰ্শন কৰি তাত চলি থকা কাম-কাজৰ বুজ লয়।
নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ পাছত শ্যেলাই কামৰ গতি সম্পৰ্কে সন্তুষ্টি প্ৰকাশ কৰে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে প্ৰকল্পটো সম্পূৰ্ণ হ’ব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।
