ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে গুৱাহাটীত ৩০ সাংস্কৃতিক সংগঠনৰ দিনজোৰা অনুষ্ঠান
সমগ্ৰ সমাচাৰ সেৱা
- ভূপেন হাজৰিকা
- জন্মশতবাৰ্ষিকী
- সাংস্কৃতিক অনুষ্ঠান
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
গুৱাহাটী, ৪ ছেপ্টেম্বৰ:ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে গুৱাহাটীত প্ৰায় ৩০টা সাংস্কৃতিক সংগঠনে মিলিতভাৱে দিনজোৰা অনুষ্ঠানৰ আয়োজন কৰিছে। ৭ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই বিশেষ কাৰ্যসূচী।
বৃহত্তৰ গুৱাহাটীৰ সাংস্কৃতিক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ যৌথ উদ্যোগত অনুষ্ঠানটো আয়োজন কৰা হৈছে। অনুষ্ঠানত শিল্পী, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা অসমৰ সাংস্কৃতিক জগতৰ জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ বহু প্ৰতিভাই অংশগ্ৰহণ কৰিব।
সংগীত, সাহিত্য আৰু চলচ্চিত্ৰলৈ অৱদান স্মৰণ
আয়োজকসকলে কয় যে অসমীয়া সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু অসমৰ সাংস্কৃতিক পৰিচয় সমৃদ্ধ কৰাত ভূপেন হাজৰিকাৰ অনন্য অৱদানৰ প্ৰতি সন্মান জনাই জন্মশতবাৰ্ষিকী বৃহৎ পৰিসৰত উদযাপন কৰাটো প্ৰয়োজনীয়।
প্ৰেক্ষাগৃহত সংবাদ মাধ্যমৰ আগত আয়োজকসকলে কয় যে বৰ্তমানৰ পৰিস্থিতিত বৃহৎ অনুষ্ঠান আয়োজন কৰাটো প্ৰত্যাহ্বানমূলক যদিও ভূপেন হাজৰিকাৰ দৰে কিংবদন্তি শিল্পীৰ স্মৃতি আৰু অৱদানক সন্মান জনোৱাটো সকলোৰে সামূহিক দায়িত্ব।
আলোচনা-চক্ৰত ভূপেন হাজৰিকাৰ জীৱন-কৰ্ম
ছেপ্টেম্বৰৰ পুৱা ৯.৩০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব স্মৃতিচাৰণ অনুষ্ঠান। ইয়াৰ পাছত ৩.১৫ বজাত ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰ বিভিন্ন দিশক লৈ আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব।
শিক্ষাবিদ তথা সাংস্কৃতিক ব্যক্তিত্ব অমৰজ্যোতি চৌধুৰীয়ে ‘ভূপেন হাজৰিকা: সংগীতজ্ঞ আৰু পৰিচালক’ বিষয়ত বক্তব্য আগবঢ়াব। দয়ানন্দ পাঠকে ‘ভূপেন হাজৰিকা: লেখক আৰু সাংবাদিক’ আৰু নন্দ সিং বৰকালাই ‘ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ’ বিষয়ত আলোচনা কৰিব।
আয়োজকসকলৰ মতে, এই উদযাপন কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে সীমাবদ্ধ নাথাকি ভূপেন হাজৰিকাই এৰি থৈ যোৱা চিন্তা, মূল্যবোধ আৰু সাংস্কৃতিক ঐতিহ্যক পুনৰ উপলব্ধি কৰাৰ এক সুযোগ হিচাপেও বিবেচিত হ’ব।
