১২ বছৰৰ পাছত আদালতৰ ন্যায়: CDPO বলেন বৰ্মণক ২০ বছৰৰ কাৰাদণ্ড
সমগ্ৰ সমাচাৰ সেৱা
হাটশিঙিমাৰী, ২ ছেপ্টেম্বৰ :প্ৰায় ১২ বছৰৰ দীঘলীয়া আইনী যুঁজৰ পাছত, হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ (ICDS) তৎকালীন শিশু উন্নয়ন প্ৰকল্প বিষয়া (CDPO) বলেন বৰ্মণক অংগনৱাড়ী কৰ্মীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰে।
২০১৪ চনৰ ২৫ জানুৱাৰীত, ভুক্তভোগী অংগনৱাড়ী কৰ্মীগৰাকীয়ে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। অভিযোগত উল্লেখ আছিল যে, এক ছুপাৰভাইজৰে কৌশলে তেওঁক CDPO বলেন বৰ্মণৰ ঘৰলৈ মাতি নিছিল আৰু তাত তদানীন্তন CDPO-এ ধৰ্ষণ কৰে। ঘটনাৰ পিছত অভিযুক্ত বলেন বৰ্মণে চৰকাৰী চাকৰি পৰিত্যাগ কৰিছিল।
নিশা হাটশিঙিমাৰী আদালতে ২৭ আগষ্টত বলেন বৰ্মণক দোষী সাব্যস্ত কৰে আৰু আজি দণ্ড ঘোষণা কৰে। আদালতে সাক্ষ্য-প্ৰমাণৰ ভিত্তিত এই চাঞ্চল্যকৰ ৰায় দিয়ে। আদালতৰ এই সিদ্ধান্তত ভুক্তভোগী মহিলাগৰাকীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰি ন্যায়-সত্যৰ জয় বুলি মন্তব্য কৰে।
লোকেল পাব্লিক প্ৰচিকিউটৰ বিশ্বজিৎ মহন্তই এই ৰায়ক চৰকাৰী উচ্চপদস্থ বিষয়া তথা সকলোলৈ এক কড়া সতৰ্কবাণী বুলি বর্ণনা কৰে। ১২ বছৰৰ আইনী লড়াইৰ অন্তত ন্যায় লাভ কৰিলে দুৰ্ভগীয়া অংগনৱাড়ী কৰ্মীগৰাকীয়ে।
