Global Assam News

Global and Local Assam News Website

শিলচৰত ড্ৰাগছ অভিযানত ১০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ২

সমগ্ৰ সমাচাৰ সেৱা

শিলচৰ, ১৪ জুলাইঃ শিলচৰ সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালীবাৰী চৰৰ মালাকাৰ পট্টিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ (১০ হাজাৰ য়াবা টেবলেট, ওজন ১,০৯৪ গ্ৰাম) জব্দ কৰিছে। টি এছ আই অচ্যুত নাথৰ নেতৃত্বত চলা অভিযানত নগাঁও জিলাৰ জুৰিয়া বটামাৰীৰ আছাদুল ইছলাম আৰু শিলচৰৰ বেৰেংগাৰ টমিজ উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে।

তথ্য অনুসৰি, দুয়ো যুৱক শিলচৰত ভাড়াঘৰত থাকি ড্ৰাগছ সৰবৰাহ কৰি আছিল। জব্দ কৰা টেবলেট বিক্ৰীৰ সময়তে আৰক্ষীয়ে অভিযান চলাই সাফল্যৰ সৈতে সামগ্ৰীসমূহ জব্দ কৰে। সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক ৰিমাঙ্ক বৰুৱাও ঘটনাস্থলীত উপস্থিত আছিল।

সম্প্ৰতি, দুয়ো অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *