নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯ খন গেট মুকলি
- সমগ্ৰ লখিমপুৰ জিলাত জৰুৰীকালীন সতৰ্কতা জাৰি; প্ৰশাসন আৰু দুৰ্যোগ বিভাগ সক্ৰিয়।
- নদীৰ পাৰৰ বাসিন্দাসকলক গৰু-ছাগলী আৰু সামগ্ৰীসহ উচু স্থানত আশ্ৰয় ল’বলৈ আহ্বান।
- নদীত নাও চলোৱা বা মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা।
সমগ্ৰ সমাচাৰ সেৱা
লখিমপুৰ, ১৩ জুলাই :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯ খন গেট মুকলি কৰি পানী এৰি দিয়া হৈছে, পানী বিপদসীমাৰ ওপৰেৰে বৈছে।লখিমপুৰ জিলাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বৰ্তমান সংকটজনক পৰিস্থিতি সৃষ্টি হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে। এই পৰিস্থিতিত গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ৯ খন গেট মুকলি কৰি পানী এৰি দিয়া হৈছে, যাতে বান্ধৰ সুৰক্ষা নিশ্চিত থাকে।গেট মুকলি কৰাৰ লগে লগে নামনি অংশত নদীৰ পানী উফন্দি উঠিছে আৰু নদীৰ বুকুত এক জলপ্ৰলয়ৰ সদৃশ অৱস্থা দেখা দিছে। লখিমপুৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ জিলাখনত জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে।নদীৰ কাষৰীয়া আৰু চাপৰি অঞ্চলৰ ৰাইজক পলম নকৰি গৰু-ছাগলী আৰু প্ৰয়োজনীয় সামগ্ৰীসহ ওখ, নিৰাপদ স্থানত থকা আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনোৱা হৈছে। বৰ্তমান পৰিস্থিতিত নদীত নাও চলোৱা বা মাছ ধৰাৰ পৰা সম্পূৰ্ণ বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।এই পদক্ষেপসমূহে অঞ্চলটোৰ ৰাইজক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে। প্ৰশাসন আৰু দুৰ্যোগ বিভাগ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আগন্তুক দিনসমূহত অধিক সতৰ্কতা বজাই ৰাখিব বুলি সদৰী কৰিছে।
