Global Assam News

Global and Local Assam News Website

কলা কৃষ্টি কেন্দ্ৰত গৌতম দাসক শ্ৰদ্ধাঞ্জলি দিবলৈ বিশেষ অনুষ্ঠান অনুষ্ঠিত

কলা কৃষ্টি কেন্দ্ৰত গৌতম দাসক শ্ৰদ্ধাঞ্জলি দিবলৈ বিশেষ অনুষ্ঠান অনুষ্ঠিত
  • কলা কৃষ্টি কেন্দ্ৰত গৌতম দাসক শ্ৰদ্ধাঞ্জলি দিবলৈ বিশেষ অনুষ্ঠান অনুষ্ঠিত।
  • ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, নেকিবুৰ জমান সহ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি।
  • গৌতম দাসৰ অসম আন্দোলনত সাহসী ভুমিকা আৰু অসমীয়া সমাজৰ প্ৰতি দায়িত্বৰ কথা স্মৰণ।
  • গৌতম দাস অনুৰাগী সমাজে পৰিয়ালক শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান আৰু স্মৃতি সংৰক্ষণৰ সিদ্ধান্ত।

 সমগ্ৰ সমাচাৰ সেৱা 

গুৱাহাটী, ১২ জুলাই : গুৱাহাটীস্থিত ডিশপুৰ লাষ্ট গেটৰ কালা কৃষ্টি কেন্দ্ৰ অডিটৰিয়ামত শুকুৰবাৰে বিশিষ্ট অসম আন্দোলনৰ নেতা গৌতম দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসংখ্য বিশিষ্ট ব্যক্তি, সাহিত্যিক, সংগীতজ্ঞ, ৰাজনীতিবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।

অল অসম ছাত্ৰ সংঘৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দাসৰ অবদানৰ কথা গভীৰভাৱে স্মৰণ কৰি কয়, গৌতম দাসে অসমীয়া জাতিৰ অধিকাৰ আৰু স্বাৰ্থৰ বাবে পুলিশী নিৰ্যাতনৰ মাজতো সাহসিকতাৰে আন্দোলন চলাইছিল। বিশিষ্ট আইনজ্ঞ নেকিবুৰ জমানে দাসৰ দেশপ্ৰেমৰ কথা উল্লেখ কৰি তেওঁৰ স্মৃতি সংৰক্ষণৰ আহ্বান জনায়।

প্ৰাক্তন সাংসদ কুইন ওজা, সংগীতজ্ঞ সদানন্দ গগৈ, ত্ৰিদিব শৰ্মা, ৰামেন দাসসহ বহু বিশিষ্ট বক্তাই গৌতম দাসৰ আদৰ্শ, প্ৰতিশ্ৰুতি আৰু সততাৰ কথা উল্লেখ কৰে আৰু অসমীয়া সমাজক সেই আদৰ্শ অনুসৰণৰ আহ্বান জনায়।

অনুষ্ঠানত গৌতম দাস অনুৰাগী সমাজে পৰিয়ালক শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰে। লগতে, গৌতম দাসৰ স্মৃতি সংৰক্ষণৰ বাবে এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্তো গ্ৰহণ কৰা হয়।

গৌতম দাসৰ মহৎ জীৱন আৰু অসম আন্দোলনৰ লগতে অসমীয়া জাতিৰ স্বাৰ্থৰ বাবে দিয়া অৱদান সদায় অসমীয়া হৃদয়ত চিৰস্থায়ী হৈ থাকিব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *