BCPL-IGGLৰ গেছ পাইপলাইন উন্নয়ন চুক্তি
- BCPL আৰু IGGLৰ মাজত উত্তৰ-পূৰ্বাঞ্চলত গেছ পাইপলাইন উন্নয়নৰ বাবে চুক্তি স্বাক্ষৰ
- যৌথভাবে ডুলিয়াজান ফিডাৰ পাইপলাইন পথ ভাগ-বতৰা কৰিব
- বিদ্যমান পাইপলাইন পথ ব্যৱহাৰৰ ফলত ভূমি অধিগ্ৰহণৰ প্ৰয়োজন কমিব
- উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি নেটৱৰ্ক উন্নয়ন আৰু উদ্যোগিক বিকাশত সহায়ক
সমগ্ৰ সমাচাৰ সেৱা
ডিব্ৰুগড়, ১0 জুলাই :ব্ৰহ্মপুত্র ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) আৰু ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড (IGGL)-এ উত্তৰ-পূৰ্বাঞ্চলত প্ৰাকৃতিক গেছ নেটৱৰ্ক বিস্তাৰৰ বাবে এক গুৰুত্বপূর্ণ সমঝোতা স্বাক্ষৰ কৰিছে। আজি ডিব্ৰুগড়ৰ লেপেটকাটা কম্প্লেক্সত, দুয়ো সংস্থাৰ ঊর্ধ্বতন বিষয়াৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। BCPL-ৰ হৈ চুক্তিত অংশগ্ৰহণ কৰে সিতাংশু পল আৰু IGGLৰ হৈ গৌতম কুমাৰ দাস।
এই যৌথ উদ্যোগত, দুয়ো সংস্থাই প্ৰস্তাৱিত ডুলিয়াজান ফিডাৰ পাইপলাইন পথ ভাগ-বতৰা কৰিব। ইয়াৰ ফলত প্ৰকল্পটো অধিক ব্যয়-সাশ্ৰয়ী হ’ব আৰু দ্রুত গতিৰে সম্পন্ন হোৱাৰ আশা কৰা হৈছে। বিদ্যমান পাইপলাইন পথ ব্যৱহাৰ কৰাৰ জৰিয়তে, অধিক ভূমি অধিগ্ৰহণৰ প্ৰয়োজনিও কমি যাব।
দুয়ো সংস্থাৰ বিষয়ববীয়াই এই চুক্তিটো উত্তৰ-পূৰ্বাঞ্চলত এক সংহত আৰু নিৰ্ভৰযোগ্য প্ৰাকৃতিক গেছ নেটৱৰ্ক গঢ়ি তুলিবলৈ উল্লেখযোগ্য পদক্ষেপ বুলি মন্তব্য কৰে। তেওলোকে কয়, এইধৰণৰ সহযোগিতামূলক উদ্যোগে অঞ্চলটোৰ শক্তি চাহিদা পূৰণ আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব।
