Global Assam News

Global and Local Assam News Website

মধুপুৰ সত্ৰ পুথি-সম্পদ ডিজিটেল সংৰক্ষণৰ পদক্ষেপ

মধুপুৰ সত্ৰৰ পুথি-সম্পদ ডিজিটেল সংৰক্ষণৰ পদক্ষেপক সমন্বয় ৰক্ষী সমিতিৰ আদৰণি
  • মধুপুৰ সত্ৰৰ সমগ্ৰ পুথি-সম্পদ ডিজিটেল সংৰক্ষণৰ পদক্ষেপ
  • সমন্বয় ৰক্ষী সমিতিৰ আদৰণি আৰু ঐতিহাসিক মন্তব্য
  • সত্ৰ সমিতিৰ বহুদিনীয়া দাবী পূৰণ
  • সত্ৰৰ পৰম্পৰাগত নিয়ম মানি স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তা

সমগ্ৰ সমাচাৰ সেৱা

 গুৱাহাটী, তাৰিখ: ৯ জুলাই “দিজিতাইজিং অসম” প্ৰকল্পৰ অধীনত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম জাতীয় বিদ্যালয় আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সৌজন্যত মধুপুৰ সত্ৰৰ সমগ্ৰ পুথি-সম্পদ ডিজিটেল সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপক মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ-নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিয়ে ঐতিহাসিক বুলি আখ্যা দি উষ্ম আদৰণি জনাইছে।

সমন্বয় ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধান, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নিজ হাতে লিখা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰক, বহুদিন ধৰি সমিতিয়ে এই দাবী আগবঢ়াই আহিছিল। এই পদক্ষেপে জাতীয় জীৱন আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষিত হ’ব বুলি তেওঁলোকৰ আশা।

সমন্বয় ৰক্ষী সমিতিয়ে লগতে স্পষ্ট কৰে, বাতৰিত প্ৰকাশ পোৱা মতে মাধৱ মহন্তক মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে এতিয়ালৈ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ই মালা নিৰ্মালি প্ৰদান কৰা হোৱা নাই। সত্ৰৰ পৰম্পৰা অনুসৰি, আনুষ্ঠানিক স্বীকৃতি লাভ কৰিবলৈ এই নিয়মীয়াকৈ মালা নিৰ্মালি প্ৰদান কৰাটো অত্যন্ত গুৰুত্বপূর্ণ।

এই পদক্ষেপে সত্ৰ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অসমত নতুন দিশা দেখুৱাব বুলি সমিতিৰ অভিমত

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *